NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ এ এম চিত ভৰ্তি লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি উমাকান্ত চাংমাইক

Posted by: ধৰনি গগৈ January 6, 2018 8:52 pm
ডিব্ৰুগড়ৰ এ এম চিত ভৰ্তি লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি উমাকান্ত চাংমাইক

বৃহত্তৰ লাহোৱালৰ একমাত্ৰ সংবাদ সেৱী সংগঠন লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাই( ৮৭) বাৰ্ধক্য জনিত কাৰণত যোৱা ৩০ ডিচেম্বৰৰ পৰা ডিব্ৰুগড় এ এম চিত ভৰ্তি হৈ আছে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকা উমাকান্ত চাংমাই সদৌ অসম গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ১৯৩১ চনত লাহোৱালৰ ইকৰাতলী-বিনৈগুটীয়া গাঁৱত জন্ম গ্ৰহণ কৰা লেখক-সাংবাদিক উমাকান্ত চাংমাই বিগত ৭০ দশকৰ পৰা বিভিন্ন কাকত, আলোচনীত লিখা-মেলাৰ যোগেদি সংবাদ -সাহিত্যৰ সৈতে জড়িত হৈ পৰিছিল। এ এম চিত চিকিৎসাধীন অৱস্থাত থকা সাংবাদিক-লেখক উমাকান্ত চাংমাইৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা বেছি অৱনতি ঘটা বুলি জানিব পৰা গৈছে। বৰ্ষীয়ান সাংবাদিক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা ল’বলৈ লাহোৱাল প্ৰেছ ক্লাব , সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈ, আটছা লাহোৱাল শাখা , চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ জিলা সমিতিৰ সভাপতি দয়ানন্দ শ্বাহ , লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্ন দল সংগঠনে অসম চৰকাৰক আহ্বান জনাইছে ।