NORTHEAST NOW (Assamese)

গুৱাহাটীত ১১ আৰু ১২ জানুৱাৰিত ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক

January 7, 2018 8:24 pm · পায়েল ভট্টাচাৰ্জি
ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক

গুৱাহাটীৰ তাজ ৱিৱান্তাত অনুষ্ঠিত হ’ব ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক। জানুৱাৰিৰ ১১ আৰু ১২ তাৰিখে এই দুদিনীয়া মহা উৎসৱ অনুষ্ঠিত হ’ব।

গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অংশ ৰয়েল স্কুল অৱ ফেশ্বন ডিজাইন এণ্ড টে’ক্নলজিৰ সহযোগত এই অনুষ্ঠান্টোৰ আয়োজন কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া এফ ডি চি আৰু পানাচে গ্ৰুপে।

এই প্ৰদৰ্শনীত ফেশ্বন জগতৰ প্ৰতিষ্ঠিত ডিজাইনাৰ সকলৰ লগতে ৰয়েল স্কুল অৱ ফেশ্বন ডিজাইন এণ্ড টে’ক্নলজিৰ শিক্ষাৰ্থী সকলেও নিজৰ সৃষ্টি প্ৰদৰ্শন কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ ডিজাইনাৰে এই প্ৰদৰ্শনীত অংশ ল’ব।

প্ৰদৰ্শনীটোত অংশগ্ৰহণ কৰিবলগীয়া কিছু ডিজাইনাৰ/ ব্ৰেণ্ড হ’ল কন্যাক, অনুৰাধা কুলি, আগৰ, কুনাল কৌশিক, কবিতা বৰুৱা মেধি, পূজা খেম্কা আদি।

এই অনুষ্ঠানটোৰ আনুষ্ঠানিক পৰিচালক হ’ব বলিউডি ফেশ্বন প্ৰদৰ্শনী পৰিচালক কুনাল কৌশিক।

Related News