NORTHEAST NOW (Assamese)

অসমত ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়াৰ কাম

January 8, 2018 8:03 am · এন ই নাও নিউজ
Updated: January 8, 2018 10:12 am
অহা ফেব্ৰুৱাৰি মাহৰ পৰা সমগ্ৰ অসমত আধাৰ কাৰ্ড তালিকাভুক্তৰ কাম আৰম্ভ হ’ব। ৰাজ্যৰ  ৩৩খন জিলাৰ ১০টা সংমণ্ডলৰ ৭৯৯৬ টা গাওঁ পঞ্চায়ত পৰ্যায়ৰ কেন্দ্ৰত চলিব আধাৰ কাৰ্ড প্ৰস্তুতৰ প্ৰক্ৰিয়া। আধাৰ কাৰ্ড প্ৰস্তুত কাৰ্য প্ৰক্ৰিয়া ইউনিক আইডেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়া(ইউ আই ডি এ আই)ৰ অধীনত অসমৰ সাধাৰণ প্ৰশাসন বিভাগে ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ কৰিব।

ইউ আই ডি এ আইৰ এক বিশেষ সূত্ৰই জানিব দিয়া অনুসৰি অহা সপ্তাহৰ পৰা অসমৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ কেন্দ্ৰ সমূহ স্থাপন কৰাৰ বাবে নিবিদা আহ্বান কৰিব। এই নিবিদা প্ৰক্ৰিয়া সুকলমে সম্পন্ন হ’লে ফেব্ৰুৱাৰি মাহৰ পৰাই অসমৰ গাঁৱে-ভূঞে আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ইউ আই ডি এ আইয়ে জানিবলৈ দিয়া অনুসৰি বঙাইগাওঁ, কাছাৰ, দৰং, ডিব্ৰুগড়, যোৰহাট, কামৰূপ(ম)আৰু শোণিতপুৰ জিলাৰ অনুমোদিত বেংক সমূহে আধাৰ কাৰ্ডৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। এলাহাবাদ বেংক, দেনা বেংক, এক্সিছ বেংক, কানাড়া বেংক, আই দি বি আই বেংক, কৰ্পৰেশ্যন বেংক আৰু আই চি আই চি আই বেংকৰ মুঠ ২১টা শাখাত উক্ত ৭খন জিলাৰ আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইউনিক আইডেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াই এই বেংক কেইটাক অনুমোদন জনাইছে।

লক্ষ্যণীয় যে ইউনিক আইডেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াই সকলো নাগৰিককে প্ৰদান কৰিবলগীয়া ১২টা সংখ্যা যুক্ত এখন পৰিচয় পত্ৰ। উল্লেখণীয় যে গ্ৰাহকসকলে আধাৰ নং সংগ্ৰহৰ বাবে নিজৰ পৰিচয়ৰ প্ৰমাণ, ফটো, আঙুলিৰ চাপ, বয়স আদি দিব লাগিব।

মনকৰিবলগীয়া যে কেন্দ্ৰই বেংক আৰু নিজৰ মোবাইল নংৰ লগত আধাৰ নং সংযোজনৰ সময়সীমা ২০১৮ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰি দিছে।

অতি শীঘ্ৰে ৰাজ্যৰ ২১৬ টা ডাক ঘৰতো লোক সকলৰ সুবিধাৰ্থে আধাৰ কাৰ্ড প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব বুলি জনায়।

Related News