NORTHEAST NOW (Assamese)
অসম

দেশত এদিনতে ক’ৰ’ণাত আক্ৰান্ত ৫৫ হাজাৰৰো অধিক লোক, মুঠ আক্ৰান্ত ১৬ লক্ষাধিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 11:21 am
COVID19-positive-death-1140x570

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত থকা ভাৰতত অপ্ৰতিৰোধ্য গতিৰে সংক্ৰমিত হৈ আছে ক’ৰ’ণা ভাইৰাছ ।

দেশত বিগত ২৪ ঘন্টাত ৫৫ হাজাৰৰো অধিক লোক এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।

২৪ ঘন্টাত ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিছে ৭৭৯ গৰাকী লোকৰ।

২৪ ধন্টাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৫,০৭৯ গৰাকী।

এতিয়া লৈকে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১৬,৩৮,৮৭১ গৰাকী।

ইয়াৰে ভিতৰত থকা এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৫,৪৫,৩১৮ গৰাকী।

ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ৩৫,৭৪৭ গৰাকী।

সুখৰ কথাটো হৈছে ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা দিনক দিনে দেশত বৃদ্ধি পাবলৈ ধৰিছে।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ শতাংশ  হাৰ হৈছে ৬৪.৫৪।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ১০,৫৭,৮০৫ গৰাকী ।

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই যোৱাৰ সময়তে ভাৰতত আনলক ৩.০ দেশত আৰম্ভ হ’ব।

আনলক ৩.০ৰ অধীনত বহু ক্ষেত্ৰত চৰকাৰে শিথিলতা ঘোষণা কৰিছে। দেশত কোভিডত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ২.১৮। সমগ্ৰ বিশ্বত এই হাৰ ৪ শতাংশ।