NORTHEAST NOW (Assamese)
Popular Stories

৫৮ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিলে ১৬ বছৰীয়া কিশোৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2023 5:13 pm
৫৮ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিলে ১৬ বছৰীয়া কিশোৰে

মধ্যপ্ৰদেশৰ ৰেৱা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। যোৱা ৩০ জানুৱাৰীৰ নিশা এটি ১৬ বছৰীয়া কিশোৰে এগৰাকী ৫৮ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত কিশোৰটোৱে মহিলাগৰাকীৰ মুখত প্লাষ্টিকৰ বেগ আৰু কাপোৰ ভৰাই মহিলাগৰাকীৰ এটা নিৰ্মিয়মান ঘৰলৈ লৈ যায়। কিশোৰটোৱে মহিলাগৰাকীৰ মূৰ আৰু শৰীৰত কাঁচিৰে আঘাত কৰে। আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীৰ গোপন অংগটো আঘাতৰ স্পষ্ট চিন দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে দুবছৰৰ আগতে মহিলাগৰাকী আৰু মহিলাগৰাকীৰ পৰিয়ালে এটা মোবাইল চুৰি হোৱা কাণ্ডক লৈ সেই কিশোৰটিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। এতিয়া আৰক্ষী আৰু স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা মতে সেই ঘটনাৰ প্ৰতিশোধস্বৰূপে কিশোৰটিয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিছে।

ৰেৱাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিবেক লালে জনোৱা মতে, ১ ফেব্ৰুৱাৰীত আৰক্ষী আৰু ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰা বুলি জানিব পৰা গৈছে।

তথ্যদাতাৰ পৰা পোৱা তথ্য আৰু তদন্তৰ পিছতে আৰক্ষীয়ে কিশোৰটিক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আৰক্ষীৰ জিম্মাত কিশোৰটিয়ে অপৰাধ স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। কিশোৰটিৰ বিৰুদ্ধে হত্যা, ধৰ্ষণ, চুৰি আৰু অপৰাধৰ প্ৰমাণ নোহোৱা কৰাকে ধৰি বিভিন্ন ভাৰতীয় দণ্ডবিধিৰ ধাৰাত গোচৰ ৰুজু এতিয়া কিশোৰ গৃ্হলৈ প্ৰেৰণ কৰা হৈছে।