NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ডাম্পাৰ আৰু টেম্প’ৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৫জন লোক থিতাতে নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2019 7:06 am
Accident-750x375-1-1-1140x570

নগাঁৱত শনিবাৰে সন্ধিয়া এখন যাত্ৰীভৰ্তি টেম্প’ আৰু ডাম্পাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত ৫জন লোক নিহত হয়।

জিলাখনৰ জাজৰি থানাৰ অন্তৰ্গত কুৰুৱাবাহীত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, ৯জনযাত্ৰী কঢ়িয়াই অনা এএছ-০২-ই-৬১৫২ নম্বৰৰ টেম্প’খন নগাঁৱ চহৰৰ পৰা জাজৰিলৈ আহি থাকোতে বিপৰীত দিশৰ পৰা অহা এএছ-০২-এচি-০৭৩৬ নম্বৰৰ ডাম্পাৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

দুৰ্ঘটনাটোত টেম্প’ত থকা ৫জন লোক থিতাতে নিহত হয় আৰু শিশুসহ আন চাৰিজন লোক আহত হয়।

দুৰ্ঘটনাটোত নিহতকেইজনক দুলুমনি দেৱী, সোনটি আহমেদ, প্ৰাঞ্জল বৰদলৈ, আতিকুৰ ৰহমান আৰু আব্বাচ আলি বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, আহতকেইজন হৈছে তন্ময় নাথ(৮), হোমবৰ আলি(৫৬),ডম্বৰু হীৰা (৩৬) আৰু শিল্পা দেৱী(১৩)।

আহতসকলক চিকিৎসাৰ বাবে ততাতয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।