NORTHEAST NOW (Assamese)
অসম

বাছ দুৰ্ঘটনাৰ ফলত ৬ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2021 11:29 am
6 Dead After Bus Carrying 21 Passengers Falls Into River

যোৱা নিশা মেঘালয়ত সংঘটিত হৈছে এক মৰ্মান্তিক বাছ দুৰ্ঘটনা।

মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰা বাছখন নিশা প্ৰায় ১২ বজাত নংচ্চৰমৰ ৰিংদি নদীত বাগৰি পৰে।

বাছ খনত প্ৰায় ২১ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুৰ্ঘটনাটোৰ ফলত ৬ জন লোকৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ঘটনাৰ পিছতে উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন সেৱা পীড়িতসকলক সহায় কৰিবৰ বাবে দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

সূত্ৰ অনুসৰি নদীৰ পৰা চাৰিটা মৃতদেহ তুলি অনা হৈছে যদিও বাছখনৰ ভিতৰত এতিয়াও দুটা মৃতদেহ আৱদ্ধ হৈ আছে।

ইতিমধ্যে ষোল্লজন যাত্ৰীক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে জনায়।

বাছখনৰ চালকজনকো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

অৱশ্যে দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল সেই সম্পৰ্কে বিতং ভাৱে জানিব পৰা হোৱা নাই।