NORTHEAST NOW (Assamese)
Popular Stories

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2025 11:26 am

দেওবাৰে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত জনপ্ৰিয় মন্দিৰৰ চিৰিৰ পথত ব্যাপক জনসমাগম হোৱাত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ২৫ জনৰো অধিক লোক আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

এই কথা নিশ্চিত কৰি গড়ৱাল সংমণ্ডলৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেই কয় যে, “হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত বিপুল জনসমাগম হোৱাৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছে। মই সেই স্থানলৈ ৰাওনা হৈছো। ঘটনাৰ বিশদ প্ৰতিবেদন অপেক্ষা কৰি থকা হৈছে”।

ভক্তৰ আগমনৰ মাজতে এই ঘটনা সংঘটিত হোৱাত বিশৃংখলতা আৰু আতংকৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। এই হুলস্থুলৰ তথ্য অহাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক দলক ততাতৈয়াকৈ সেই স্থানলৈ লৈ যোৱা হয়।

উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। কৰ্তৃপক্ষই ভুক্তভোগীক চিনাক্ত কৰি সন্দেহযুক্ত বিদ্যুৎস্পৃষ্ট হোৱাৰ কাৰণৰ মূল্যায়নৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। ধামীয়ে এক্সত পোষ্ট কৰি কয় যে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰৰ খবৰটো অত্যন্ত দুখজনক।এছডিআৰএফ, স্থানীয় আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দলসমূহ ঠাইতে আছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে।