NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত নাহৰফুটুকী হত্যা কৰি সমদল: নাবালককে ধৰি ছজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 9:40 pm

গুৱাহাটীত এটা নাহৰফুটুকী হত্যা কৰাৰ অভিযোগত এজন নাবালককে ধৰি মুঠ ছজন লোকক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটীৰ কটাহবাৰী পাহাৰ এলেকাত দেওবাৰে সংঘটিত ঘটনাটো সন্দৰ্ভত গড়চুক আৰক্ষী থানাত ৩১৫/২০২০নং এক গোচৰ পঞ্জীয়ন কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ঘটনাটোত জৰিত আনসকলক গ্ৰেপ্তাৰৰ বাবে তদন্ত চলি আছে।

জানিব পৰা মতে, নিশা ঘৰত ফান্দ পাতি নাহৰফুটুকীটো ধৰা হৈছিল।

কেৱল ধৰাই নহয় তাক মৰিয়াই মৰিয়াই হত্যা কৰি উন্মত্ত লোকসকলে মৃত বাঘটোক লৈ সমদল বাহিৰ কৰিছিল।

একাংশই আনকি বিজয়ৰ ট্ৰফীৰ দৰে কেমেৰাৰ আগত বাঘটো দাঙি প্ৰদৰ্শন কৰাও দেখা গৈছিল।

মৃত নাহৰফুটুকীটোক লৈ সমদল কৰাৰ ভিডিঅ’টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।