NORTHEAST NOW (Assamese)
দেশ

গুজৰাটত শোকাৱহ ঘটনাঃ হাৰ্নি হ্ৰদত নাও ডুবি ছয় শিক্ষাৰ্থীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2024 7:09 pm
Gujarat boat tragedy

গুজৰাটৰ বদোদৰা আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এক নাও দুৰ্ঘটনাত মৃত্যু হৈছে ছয়জন শিক্ষাৰ্থীৰ।

বদোদৰাৰ হাৰ্নি হ্ৰদত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাত পতিত নাওখনত প্ৰায় ২৭ জন শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খৰ অনুসৰি, শিক্ষাৰ্থীসকল নিউ চানৰাইজ স্কুল নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত আছইল।

বিদ্যালয়খনৰ দ্বাৰা এক ভ্ৰমণৰ আয়োজন কৰা হৈছিল আৰু সেই সময়তে হাৰ্নি হ্ৰদত সংঘটিত হয় এই শোকাৱহ ঘটনা।

ঘটনাৰ সময়ত নাওখনত থকা কোনো এগৰাকীয়েই লাইফ জেকেট পিন্ধা নাছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত এতিয়াও সবিশেষ প্ৰকাশ পোৱা নাই।