যুদ্ধ অসহনীয়: যুদ্ধ কৰিবলৈ অমান্তি ৬০ ৰাছিয়ান পেৰাট্ৰুপাৰ; কাৰাবাসৰ শাস্তিৰ সম্ভাৱনা

চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়া অসহনীয় হৈ পৰিছে সৈন্যৰ বাবেও। যুদ্ধই অৱশ কৰি তোলাৰ লগতে মনোবলো ভাঙি পেলাইছে যুদ্ধৰত সৈন্যৰ। এনে সময়তে প্ৰায় ৬০ জন ৰাছিয়ান পেৰাট্ৰুপাৰে ইউক্ৰেইন যুদ্ধত যুঁজিবলৈ অস্বীকাৰ কৰাৰ খবৰ পোৱা গৈছে।
সংবাদ সংস্থা দ্য মিৰ’ৰৰ এক প্ৰতিবেদনত প্ৰকাশ কৰা মতে উত্তৰ ৰাছিয়াৰ পস্কভৰ প্ৰধান বায়ুচালিত বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা এই সেনাসকল অবাধ্যতাৰ বাবে কাৰাগাৰৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।
ইউক্ৰেইনত আক্ৰমণ চলাবলৈ এই সৈন্যসকলক বেলাৰুছলৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু তেওঁলোকৰ বিদ্ৰোহৰ পিছত তেওঁলোকক পস্কভত থকা ঘাটিলৈ ঘূৰাই পঠোৱা হৈছিল।
যুদ্ধ কৰিবলৈ অমান্তি হোৱা সৈন্যসকলক ‘কাপুৰুষ’ বুলি অভিহিত কৰা হৈছে। ইয়াৰে কিছু সংখ্যক সৈন্যক বৰ্খাস্ত কৰা হৈছে। আনহাতে আন কিছু সৈন্যক কাৰাগাৰৰ শাস্তিৰে দণ্ডিত কৰাৰ সম্ভাৱনা আছে।
প্ৰকাশিত খবৰ মতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে তেওঁৰ এজন ডেপুটিক এই বিদ্ৰোহ চম্ভালিবলৈ পস্কভলৈ পঠিয়াইছিল।