NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2022 9:04 am
Rape Guwahati

গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলত সংঘটিত হৈছে এক নিৰ্লজ্জ কাণ্ড। যোৱা সোমবাৰে অঞ্চলটোত এগৰাকী ছয় বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে।

যোৱা সোমবাৰেই সংঘটিত হোৱা এই ঘৃণনীয় কাণ্ড মঙ্গলবাৰে পোহৰলৈ আহিছে। জানিব পৰা মতে ঘটনাৰ দিনা শিশুটি ঘৰত অকলে আছিল। আৰু এই সুযোগতে অভিযুক্ত ব্যক্তিগৰাকীয়ে এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰে বুলি অভিযোগ উঠিছে।

ইফালে শিশুটিৰ দহ বছৰীয়া ভাতৃয়ে এই সমগ্ৰ কাণ্ড দেখিছিল যদিও ভয় খাই সেই স্থানৰ পৰা পলায়ন কৰিছিল।

পিছত ধৰ্ষণৰ বলি হোৱা শিশুটিয়ে মাক-দেউতাকক এই ঘটনাৰ বিষয়ে অৱগত কৰে আৰু তেওঁলোকে লগে লগে আৰক্ষীৰ কাষ চাপে।

ইতিমধ্যে শিশুটিৰ পিতৃ-মাতৃৰ অভিযোগ অনুসৰি গুৱাহাটী আৰক্ষীয়ে ধৰ্ষণৰ অভিযুক্ত বৃদ্ধ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত ব্যক্তিগৰাকীক দ্বিজেন ৰামচিয়াৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ৰামচিয়াৰীৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (পকচো)ৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।