NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আৰক্ষীৰ দ্বাৰা কিশোৰ হত্যাক লৈ জ্বলিছে ফ্ৰান্স: প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2023 4:28 pm
protest in France

এক কিশোৰৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ফ্ৰান্স। আৰক্ষীৰ দ্বাৰা এই কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰতিবাদত অশান্ত হৈ পৰিছে ফৰাচী জনসাধাৰণৰ। এই হত্যাৰ প্ৰতিবাদস্বৰূপে একেৰাহে তিনিটা নিশা জুৰি ফ্ৰান্সৰ ৰাজপথ কঁপাই তুলিছে ফৰাচী জনতাই।

এই প্ৰতিবাদ ক্ৰমাৎ হিংসাত্মক হৈ পৰাৰ ফলত প্ৰায় ২৫০ গৰাকী আৰক্ষী আহত হৈছে। এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ব্ৰাছেলছ ভ্ৰমণ স্থগিত ৰাখি আজি এক সংকটকালীন বৈঠক অনুষ্ঠিত কৰিব।

কালি নিশা ফ্ৰান্সৰ কেইবাখনো চহৰত প্ৰতিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰতিবাদী জনতাই আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে বিদ্যালয়ৰ লগতে অসংখ্য দোকান আৰু বেংক ভৱনো জ্বলাই দিয়ে। এনে হিংসাত্মক কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে প্ৰায় ৬৭০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

ইফালে এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে দেশখনৰ দুই শক্তিশালী নিৰাপত্তা ইউনিট, ৰেইড আৰু জিআইজিএন ইউনিটকে ধৰি ৪০ হাজাৰ বিষয়া নিয়োগ কৰা হৈছে বুলি গৃহমন্ত্ৰী জেৰাল্ড ডাৰমানিনে সদৰী কৰিছে।

কিন্তু এইদৰে ব্যাপক হাৰত নিৰাপত্তাবাহিনী নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসাত্মক কাৰ্যকলাপ। দেশখনৰ একাধিক অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি খবৰ প্ৰকাশিত হৈছে।

উল্লেখ্য যে, নাণ্টেৰে চহৰত নাহেল নামৰ এগৰাকী ১৭ বছৰীয়া কিশোৰক হত্যা কৰাৰ ফলতে ফ্ৰান্সত সৃষ্টি হৈছে এই প্ৰতিবাদৰ। কিশোৰগৰাকীৰ মৃত্যু মূলত: আৰক্ষীৰ হিংসাত্মক আচৰণ আৰু প্ৰশাসন ব্যৱস্থাত বৰ্ণবাদৰ চৰিত্ৰ অব্যাহত থকা বুলি দীৰ্ঘদিনে উত্থাপিত অভিযোগৰ বহি:প্ৰকাশ বুলি দাবী কৰিছে প্ৰতিবাদী জনতাই।