NORTHEAST NOW (Assamese)
Popular Stories

নিজ কন্যা আৰু নাতিনীয়েকক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল ৬৫ বছৰীয়া বৃদ্ধ, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 12:51 pm

মুম্বাইৰ এখন বিশেষ আদালতে এজন ৬৫ বছৰীয়া বৃদ্ধক ধৰ্ষণৰ অভিযোগত আজীৱন কাৰাদণ্ডৰ শাস্তিপ্ৰদান কৰিছে।

২০১৭ চনত বৃদ্ধজনে তেওঁৰ ২২ বছৰীয়া নিজ কন্যাক ধৰ্ষণ কৰাৰ উপৰি ১০ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতন চলাইছিল।

তেওঁৰ কন্যাই আদালতত জনোৱামতে, বৃদ্ধজনে তাইক প্ৰথমে ২০১৭ চনৰ মে’ মাহত ধৰ্ষণ কৰিছিল আৰু ভাবুকি প্ৰদান কৰিছিল যে যদি কথাটো ৰাজহুৱা কৰে, তেন্তে তাইৰ সন্তানক হত্যা কৰা হ’ব।

তাৰপাছতে একে বৰ্ষৰে জুন মাহত বৃদ্ধৰ ১০ বছৰীয়া নাতিনীয়েকজনীয়ে মাকক কৈছিল যে তাইৰ ককাদেউতাকে তাইক যৌন নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল।

তদুপৰি এটা মাহৰ পাছতে বৃদ্ধজনে পুনৰ নিজ কন্যাক ধৰ্ষণ কৰে।

তাৰপাছতে বৃদ্ধৰ কন্যাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(২) ধাৰা আৰু যৌন অত্যাচাৰৰ পৰা শিশুৰ সুৰক্ষাৰ POCSO আইনৰ অধীনত বৃদ্ধজনক কাৰাদণ্ড বিহে।

অভিযুক্তজন মুম্বাইৰ কাষৰীয়া ভাণ্ডুপৰ বাসিন্দা বুলি জানিব পৰা গৈছে।