NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ৬৭ সংখ্যক বন্যপ্রাণী সপ্তাহ উদযাপন 

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ October 6, 2021 4:17 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ উদ্যোগত বন্য জীৱৰ সংৰক্ষণৰ সজাগতাৰ ওপৰত আজি অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান ।

২ অক্টোবৰৰ পৰা ৮ অক্টোবৰ ২০২১ লৈকে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত লোৱা হৈছে বহু বৰ্ণাঢ্য অনুষ্ঠান । সমান্তৰালকৈ আজি বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ উদ্যোগত বন্য প্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি T.S.A. ইণ্ডিয়াই (Turtle Survival Alliance India) অনুষ্ঠিত কৰে সজাগতা মূলক বাটৰ নাট ।

বৰমূৰীয়া কাছকে আদি কৰি জীৱ কুলৰ সংৰক্ষণৰ ওপৰত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ৰাজপথত ওলাই আহে কণ কণ শিশু ।

গুপ্তকাশী বিশ্বনাথ ঘাট , বিশ্বনাথ চাৰিআলিকে আদি কৰি কেইবাটাও স্থানত অনুষ্ঠিত কৰা হয় সজাগতা মূলক বাটৰ নাট লগতে এক সজাগত মূলক ৰেলীও উলিওৱা হয় বন বিভাগৰ তৰফৰ পৰা ।