NORTHEAST NOW (Assamese)
অসম

বিজয়াড়াৰ কোভিড কেয়াৰ চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড,কমেও ১১ জন নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 10:05 am
vijaya

দেওবাৰে পুৱাই অন্ধ্ৰপ্ৰদেশৰ বিজয়াড়াৰ এটা কোভিড কেয়াৰ চেণ্টাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ১১ জনৰ লোকৰ মৃত্যু ঘটাৰ লগতে ১০ জনৰো অধিক লোক গুৰুতৰ ভাৱে অগ্নিদগ্ধ হয়।

বিজয়াড়াত কোভিড ৰোগী সকলৰ বাবে  চহৰ খনৰ বিলাসী হোটেলস্বৰ্ণ পেলেচত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

বিজয়াড়াৰ আৰক্ষী আয়ুক্ত শ্ৰীনিবাসুলুৱে প্ৰকাশ কৰা মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবেই এই ঘটনা ঘটিব পাৰে।

কোভিড কেয়াৰ চেণ্টাৰটোৰ ৰোগী সকলক আন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগল মোহন ৰেড্ডীয়ে ঘটনাটোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু আহত সকলৰ উপযুক্ত চিকিৎসাৰ নিৰ্দেশ দিছে।