NORTHEAST NOW (Assamese)

মন্দিৰ দৰ্শনৰ ফলত হোৱা স্বাস্থ্য উপকাৰিতা

February 20, 2020 12:16 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতি তথা বিশ্বাসৰ বাবে হিন্দু ধৰ্মৰ লোক সকলে পৰিদৰ্শন কৰে মন্দিৰ। মন্দিৰত গৈ দেৱ-দেৱীক আৰাধনা কৰিলে মনৰ আশা পূৰ্ণ হয় বুলিও বহুতেই বিশ্বাস কৰে।

কিন্তু এই সমূহৰ উপৰিও মন্দিৰ পৰিদৰ্শনৰ আছে কেইবাটাও বিজ্ঞানসন্মত উপকাৰিতা। যদিহে আমি নিয়মিতভাৱে মন্দিৰলৈ যাও তেন্তে স্বাস্থ্যসম্বন্ধীয় কেইবাটাও সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

মন্দিৰ দৰ্শনৰ ফলত হোৱা ৭ টা উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল

উচ্চ ৰক্ত চাপত নিয়ন্ত্ৰণ

খালী ভৰিৰে মন্দিৰত প্ৰৱেশ কৰিলে শৰীৰটোৱে যি এটা ইতিবাচক শক্তি পাই সেইটোৱে এই ৰোগবিধ নিয়ন্ত্ৰণত সহায় কৰে।

একাগ্ৰতা বৃদ্ধি

নিয়মিতভাৱে মন্দিৰলৈ গৈ যদি ফোট এটা লোৱা হয় তেন্তে ইয়ে আপোনাৰ একাগ্ৰতা বৃদ্ধিত সহায় কৰে। ফোট লোৱাৰ সময়ত মগজুৰ এটা বিশেষ অংশত চাপ পৰে আৰু সেই চাপেই বৃদ্ধি কৰে একাগ্ৰতা।

শক্তিস্তৰ বৃদ্ধি

গৱেষণাত কোৱা হৈছে যে, যেতিয়া মন্দিৰৰ ঘণ্টাটো বজাও তেতিয়া কাণত নিজৰ মাতটো ৭ চেকেণ্ডৰ বাবে প্ৰতিধ্বনি হৈ থাকে আৰু এই সময়খিনিৰ ভিতৰতেই দেহটো সম্পূৰ্ণৰূপে সক্ৰিয় হৈ উঠে। ইয়ে আপোনাৰ দেহত শক্তিস্তৰ বৃদ্ধিত অৰহিনা যোগায়।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

মন্দিৰত হাতযোৰ কৰি সেৱা ল’লে দুয়োখন হাতৰে তলুৱা আৰু আঙুলিবোৰত সাধাৰণভাৱে এটা চাপ পৰে। এই চাপটোৱে শৰীৰৰ বিভিন্ন অংশৰ কাম-কাজ সক্ৰিয় হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

বেক্টেৰিয়া প্ৰতিৰোধ

মন্দিৰত সোমোৱাৰ লগে লগে ধূপ-ধূনাৰ পৰা ওলোৱা গোন্ধে যেনেকৈ মন-মগজু পবিত্র কৰে ঠিক তেনেদৰে ই বেক্টেৰিয়াও নাশ কৰে। লগতে ভাইৰেল সংক্ৰমণো প্ৰতিৰোধ কৰে।

মানসিক চাপ নোহোৱা কৰে

মন্দিৰৰ পৰিবেশ আৰু ঘণ্টা, শংখ, টিলিঙা, পূজাৰীৰ মন্ত্ৰ্যোচ্চাৰণে মানসিক চাপ হ্ৰাস কৰাত যথেষ্ট পৰিমানে সহায় কৰে।

মানসিক অৱসাদ দূৰ হয়

নিয়মিতভাৱে মন্দিৰলৈ গৈ দেৱ-দেৱীৰ আৰাধনা কৰিলে মগজুৰ বিভিন্ন অংশই সক্ৰিয়তাৰে কাম কৰিবলৈ লয় আৰু ইয়ে মনৰ অৱসাদ দূৰ কৰে বুলি গৱেষণাত পোহৰলৈ আহিছে।

Related News