NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰত ৰাসায়নিক কাৰখানাত বিস্ফোৰণ; ৬ জনৰ মৃত্যু,আহত ২৫ জন

May 23, 2024 8:05 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ থানেস্থিত ৰাসায়নিক কাৰখানাত সংঘটিত হৈছে এক বিস্ফোৰণ৷বৃহস্পতিবাৰে বিয়লি থানেৰ ডম্বিবলি অঞ্চলৰ ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। আনকি ২৫জন লোক গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণৰ বাবেই সমগ্ৰ কাৰখানাটোত জুই লাগে।

জ্বলি থকা কাৰখানাটোৰ ভিতৰত আৰু দুই এজন লোক আবদ্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে। তেনে ক্ষেত্ৰত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে। ১৫খন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ কাম কৰি আছে।

আৰক্ষীয়ে জনোৱা মতে, এমআইডিচি দ্বিতীয় পৰ্যায়ৰ আমুডান কেমিকেল কোম্পানীৰ ৰাসায়নিক প্লাণ্টৰ ভিতৰত বয়লাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পাছত আৰু দুটা বয়লাৰৰ বিস্ফোৰণ ঘটে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে দাবী কৰে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ ১০ মিনিটৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়।সেইস্থানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ জোৱানো উপস্থিত হয়।

Related News