NORTHEAST NOW (Assamese)
অসম

বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত জোঁৰ লৈ প্ৰতিবাদ ৭০টা সংগঠনৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 23, 2019 10:26 pm
KMSS and other 70 organigation activities taking out a torch light rally protest against citizenship amendment bill 2016 in Guwahati on 23-01-19.pix by UB Photos

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ ‘বজ্ৰ নিনাদ’ৰ পাছতে সন্ধিয়া এক জোঁৰ প্ৰতিবাদ সাব্যস্ত কৰে ৭০টাকৈ সংগঠনে।

কেইবা হাজাৰো প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ গুৱাহাটী ক্লাবৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয়লৈ সমদল বাহিৰ কৰে।

জোঁৰ সমদলত অংশগ্ৰহণ কৰি সংগঠনৰ অন্যতম যুঁজাৰু– দি ফাইটাৰ্ছৰ সভানেত্ৰী জোনমণি খাউন্দে সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, ‘ইতিমধ্যে লোকসভাত পাছ হোৱা ৰাজ্যসভাৰ বাজেট অধিৱেশনত বিজেপিয়ে নাগৰিকত্ব বিধেয়কখন উত্থাপন কৰিব। প্ৰকৃততে এনেধৰণৰ বিল বাজেট অধিৱেশনৰ কালছোৱাত পাছ হোৱাৰ নিয়ম নাই। তথাপি বিজেপিয়ে বাজেট অধিৱেশনতে জোৰ-জৱৰদস্তি পাছ কৰিব বিচাৰিছে বিলখন।‘

তদুপৰি এনে কাৰ্য্যৰ জৰিয়তে বিজেপিয়ে গণতন্ত্ৰৰ সকলো নিয়মতে পদাঘাট কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, বিজেপি বহিঃৰাজ্যত নিৰ্য্যাতিত হৈ অহা সংখ্যালঘু লোকসকলৰ দুখৰ সমভাগী নহয় বুলি উল্লেখ কৰি খাউণ্ডে লগতে এয়া বিজেপিৰ ভোট লাভৰ অংক বুলি দাবী কৰে।

‘অসমৰ জনসাধাৰণে এই জাতিধ্বংসী বিলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি থাকিলেও বিজেপিৰ মূল এজেণ্ডা হৈছে যে বাঙালী লোকসকলৰ ভোট আদায় কৰা। বিজেপিয়ে ভাবে তেওঁলোকে বিলখন পাছ কৰিলে সকলো বাঙালী লোকে তেওঁলোকৰ সমৰ্থনত আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰিব,‘ মন্তব্য খাউণ্ডৰ।

আনহাতে, বিজেপিৰ এই এজেণ্ডাৰ বৰ্তমান প্ৰেক্ষাপটত ইতি পৰা বুলি দাবী কৰি খাউণ্ডে কয়, ‘বিলখনৰ বিৰুদ্ধে অসমত বাস কৰা প্ৰকৃত বাঙালী লোকসকল ইতিমধ্যে ওলাই আহিছে।’

খাউণ্ডৰ মতে, ‘বিলৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ সপোন ইতিমধ্যে ইতি পৰিছে।‘

আনহাতে, উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ঐক্য সেনা, অসমৰ সাধাৰণ সম্পাদক চহিদুল ইছলামে কয় যে অসমত দ্বিতীয় ত্ৰিপুৰা অথবা দ্বিতীয় কাশ্মীৰ হ’বলৈ কেতিয়াও দিয়া নহয়।

‘জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপিয়ে এতিয়া য়ু-টাৰ্ণ মাৰি বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াত উঠি-পৰি লাগিছে। যেনেকৈ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া অপ-শাসন ওফৰাই বিজেপিক অসমৰ জনসাধাৰণে আনিছিল, তেনেকৈ ২০১৯ আৰু ২০২১ত বিজেপিক ৰাইজে পুনৰ ওফৰাই পেলাব,‘ ইছলামে কয়।

ইয়াৰোপৰি বিজেপি চৰকাৰখনে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ বাবে উঠি-পৰি লগা বুলি সদৰী কৰি ইছলামে কয় যে বিজেপিয়ে এতিয়া হিন্দু-মুছলমানৰ মাজত ৰাজনীতি কৰি বিভেদ সৃষ্টি কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ঐক্য সেনা অসম আৰু যুঁজাৰু দি ফাইটাৰছকে ধৰি ৭০টাকৈ জাতীয় সংগঠনে ৰূপায়ণ কৰা জোৰ সমদল কাৰ্য্যসূচীত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আৰু নিৰ্য্যাতন বিৰোধী ঐক্য মঞ্চৰ সভানেত্ৰী সুমিত্ৰা হাজৰিকায়ো অংশগ্ৰহণ কৰে।