NORTHEAST NOW (Assamese)
অসম

বানপানীৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল, ওখ ঠাই বিচাৰি বন্য প্ৰাণীৰ হাহাকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2019 11:25 am
flood in Kaziranga

অসমত বিগত চাৰিদিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে ক্ৰমাগতভাৱে বৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশতকৈও অধিক অঞ্চল বুৰাই পেলাইছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ উপৰিও ধনশিৰি নদীৰ পানীও ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰাৰ বাতৰি লাভ কৰা গৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীসকলে উদ্যানখনৰ জীৱকূলৰ সুৰক্ষাৰ বাবে নাঁওৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বানপানী আক্ৰান্ত এলেকাসমূহত পহৰা অব্যাহত ৰাখিছে।

বানপানীৰ সুযোগ লৈ প্ৰতিবছৰে কাজিৰঙাত চোৰাং চিকাৰীয়ে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি আহিছে।

কাজিৰঙাৰ বনসুৰক্ষা কৰ্মীসকলে ক্ৰমাগতভাৱে বানপানীৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সষ্টম হৈ উঠা পৰিলক্ষিত হৈছে।

উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে অলপতে সকলো বিষয়া-কৰ্মচাৰীক বনপানীৰ সময়ত ২৪ ঘণ্টাই সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ দিছে।

সঞ্চালকগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাতিকাষৰীয়া গাঁওসমূহৰ বাসিন্দা সকলৰ লগতো বনৰীয়া জীৱ-জন্তু সমূহক যাতে সুকলমে ৰাখিব পৰা যায় সেই সন্দৰ্ভত আলোচনাত মিলিত হৈছে বুলি উল্লেখ কৰি কয় যে গাঁওবাসী আৰু আমাৰ উদ্যানখনৰ কৰ্মীসকলে সদায় বানপানীৰ সময়ত পূৰ্ণ সহযোগিতাৰে কাম কৰি আহিছে।

২০১৮ চনৰ সমীক্ষা অনুসৰি কাজিৰঙাত বৰ্তমান ২৪১৩ টা এশিঙিয়া গঁড় আছে আৰু চোৰাং চিকাৰীসকলে বানপানীৰ সময়ত গড় চিকাৰৰ ক্ষেত্ৰত সুযোগ লবলৈ বিচাৰে।

আনহাতে, সঞ্চালকগৰাকীয়ে অসম চৰকাৰে কাজিৰঙাত অলপতে এটা বিশেষ গঁড় সুৰক্ষা বাহিনী মোতায়ন কৰা বুলিও মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কাজিৰঙাত বানপানীৰ সময়ত উদ্যানখনৰ জীৱ-জন্তুসমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰল উঠি যায়।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চালকসকলকো গাড়ী চলাওতে যাতে কোনো জীৱ-জন্তুৰ মৃত্যু নহয় সেই ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে।