NORTHEAST NOW (Assamese)
অসম

ফ্ৰান্সত ৰাষ্ট্ৰজোৰা দ্বিতীয় ল’কডাউনৰ পূৰ্বে পেৰিছত ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2020 8:31 am
ফ্ৰান্সত ৰাষ্ট্ৰজোৰা দ্বিতীয় ল’কডাউনৰ পূৰ্বে পেৰিছত ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁট

ফ্ৰান্সৰ পেৰিছত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সৃষ্টি হয়।

ক’ৰ’না ভাইৰাছৰ দ্বিতীয় সংক্ৰমণৰ বাবে সমগ্ৰ ফ্ৰান্সত ল’কডাউন ঘোষণা কৰাৰ এদিন পূৰ্বে পেৰিছত এই যান-জঁটৰ সৃষ্টি হয়।

সমগ্ৰ ফ্ৰান্সত ল’কডাউন ঘোষণা কৰাৰ পূৰ্বে ফ্ৰান্সৰ অন্যান্য চহৰ বৰডেৱাক্স, লিয়ন আদিতো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

বাতৰিত প্ৰকাশ পোৱা অনুসৰি ভালেসংখ্যক পেৰিছত থকা লোকে ল’কডাউনৰ সময়ছোৱাত ফ্ৰান্সৰ অন্যান্য সৰু চহৰ বা গাঁৱত সময় কটোৱাৰ বাবেই গন্তব্য স্থানলৈ ৰাওনা হয়।

উল্লেখযোগ্য যে, ফ্ৰান্সত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ৱেভ আৰম্ভ হৈছে।

ফ্ৰান্সত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। দেশখনত ক’ৰ’নাৰ সংক্ৰমণ বৃ্দ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইমানুৱেল মেকৰণ চৰকাৰে দেশখনত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।