NORTHEAST NOW (Assamese)

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

January 25, 2021 6:11 pm · এন ই নাও নিউজ

অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অহা ২৮ আৰু ২৯ জানুৱাৰিত শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব।

২৮ জানুৱাৰিৰ বিয়লি ৪ বজাত আৰক্ষী উপ-মহাপৰিদৰ্শক তথা গাঁওৰক্ষী সংগঠনৰ মুখ্য নিয়ন্ত্ৰক দিগন্ত বৰাই প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পাছত বিয়লি ৫ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব।

সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পূব মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক ড০ জি ভি শিৱ প্ৰসাদে।

আনহাতে, ২৯ জানুৱাৰিত পুৱা ৯ বজাত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিব নাজিৰা গাঁওৰক্ষী সংগঠনৰ অবৈতনিক উপ-উপদেষ্টা হেমন্ত ৰাজখোৱাই আৰু ইয়াৰ পাছত পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন অনুষ্ঠান আৰু ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব।

সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাই।

দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব আৰু এই সভাতে সোণোৱালে সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাজ্যৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আদিৰ লগতে বহু সমল ব্যক্তি উপস্থিত থাকিব।

Related News