NORTHEAST NOW (Assamese)
অসম

কৰ’না আক্ৰান্ত প্ৰায় ৭৩.৫শতাংশ শিশুৱে উপসৰ্গহীন: এইমছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 7:39 am
COVID kids

অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স (এইমছ)ৰ তথ্য অনুসৰি ভাৰতৰ ৪০ শতাংশ কোভিড আক্ৰান্ত লোকেই উপসৰ্গহীন। তেওঁলোকৰ শৰীৰত কোভিডৰ কোনো লক্ষণ দেখা দিয়া নাই।

চিকিৎসকলৰ এখন ভাৰ্চুৱেল বৈঠকত এই তথ্য সদৰী কৰা হৈছে।

আনহাতে, লক্ষ্যণীয় কথাটো হ’ল যে ১২বছৰৰ তলৰ কৰ’না আক্ৰান্ত শিশুৰ মাজত প্ৰায় ৭৩.৫ শতাংশই উপসৰ্গহীন।

সেইদৰে বয়স অনুযায়ী এই হাৰ হ্ৰাস পাইছে আৰু আশীৰ উৰ্ধৰ কৰ’না আক্ৰান্তৰ ভিতৰত ৩৮.৪ শতাংশ উপসৰ্গহীন।

এইমছৰ এগৰাকী অধ্যাপকে জানিবলৈ দিয়ে যে উপসৰ্গহীন ৰোগীসকলৰ ক্ষেত্ৰত তেওঁলোক কিমানদিন পূৰ্বে আক্ৰান্ত হৈছিল সেইটো জনাৰ উপায় নাই।

এইমছৰ তথ্য অনুসৰি কৰ’নাৰ সাধাৰণ উপসৰ্গ হৈছে জ্বৰ, অৱসাদ তথা গোন্ধৰ অনুভুতি নোপোৱা।

চিকিৎসকসকলৰ মতে কৰ’না চিনাক্তকৰণৰ আটাইতকৈ উৎকৃষ্ট পৰীক্ষা হৈছে CBNAAT বা TrueNat। প্ৰয়োজনত ছাৰ্জাৰী কৰিবলগীয়া হয় নে নহয় তাকো ই জনাই দিয়ে।

অৱশ্যে, চিকিৎসকসকলে জৰুৰীকালীন পৰিস্থিতিত এন্টিজেন টেষ্ট কাৰ্যকৰী বুলিও জানিব দিয়ে।