NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পালন ৭৩ সংখ্যক স্বাধীনতা দিৱস

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 15, 2019 12:00 pm
Rabi Sharma

সমগ্ৰ দেশৰ লগতে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়তো উদযাপন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস।

হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় প্ৰাংগনত দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ কৰে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী।

পতাকা উত্তোলন কৰি সভাপতি দাসে কয়, ‘৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনায় লগতে দেশমাতৃৰ স্বাধীনতাৰ হকে সৰ্বস্ব ত্যাগ কৰা বীৰ চহিদ সকলক শ্ৰদ্ধাৰে সোঁৱৰো।‘

আনহাতে আজিৰ অনুস্থানত নতুনকৈ বিজেপিত যোগদান কৰা অভিনেতা ৰবি শৰ্মাই নৰ্থ-ইষ্ট নাওৰ জৰিয়তে সকলোকে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়।

অভিনেতা গৰাকীয়ে লগতে দেশমাতৃৰ স্বাধীনতাৰ হকে সৰ্বস্ব ত্যাগ কৰা প্ৰতিজন মহান বীৰ চহিদৰ আত্ম বলিদানক কোনেও যেন নাপাহৰে তাৰ প্ৰতিও আহ্বান জনায়।

আজিৰ অনুস্থানত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, সভাপতি ৰঞ্জিত কুমাৰ দাস, নতুনকৈ যোগদান কৰা অভিনেতা ৰবি শৰ্মাৰ লগতে আন বহুতো নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সন্ধিয়া ৫ বজাত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।