NORTHEAST NOW (Assamese)
অসম

দিপাৱলীৰ আনন্দৰ মাজতে বৃহৎ অগ্নিকাণ্ড : ধুবুৰীত জ্বলি ছাই হ’ল ৭৫ লাখ টকাৰ সামগ্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2025 10:00 pm

দীপাৱলীৰ নিশা ধুবুৰী চহৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড।  ধুবুৰী বজাৰৰ হকাৰ মাৰ্কেটত পুৱা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই ঘটনা। এই অগ্নিকাণ্ডত কেইবাখনো দোকান জ্বলি ছাই হৈ যায়।

স্থানীয় সূত্ৰৰ মতে, জুই দ্ৰুতগতিত বিয়পি পৰে আৰু কিছু সময়ৰ ভিতৰতে প্ৰায় ১৪খন দোকান জুয়ে গ্ৰাস কৰি ধৰে।

ধ্বংস হোৱা দোকানবোৰৰ ভিতৰত আছিল কাপোৰৰ দোকান, বেগৰ দোকান আৰু ফটকা বিক্ৰী কৰা দোকান।

ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী, আৰু ধুবুৰী পৌৰ বৰ্ডৰ দল ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক অভিযান আৰম্ভ কৰে।