NORTHEAST NOW (Assamese)
অসম

অসমত আজিৰ দিনটোত কোভিডত মৃত্যু ৭৫ গৰাকী লোকৰ, আক্ৰান্ত ৫৪৬৮ গৰাকী লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2021 8:46 pm
covid-19-assam

ৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে। আজিৰ দিনটোতে কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৭৫ গৰাকী লোকৰ প্ৰাণ।

কালি কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা আছিল ৭১ গৰাকী।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৫৪৬৮ গৰাকী লোক।

আজি ৫৯৫৯৪ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১১৭৩ গৰাকী লোক।কোভিড পজিটিভিটিৰ হাৰ হৈছে ৯.১৮। এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৫.৫৯ শতাংশ।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে কোভিড ৰোগীৰ বৰ্দ্ধিত সংখ্যালৈ চাই চিকিৎসালয়ত বিচনাৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইপিনে অসমত এদিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিলে অসমৰ পৰিস্থিতিও দিল্লীৰ দৰেই হৈ পৰিব বুলি আশংকা কৰা হৈছে।