NORTHEAST NOW (Assamese)
অসম

সপ্তম শিৱসাগৰ গ্রন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱৰ লাই খুঁটা স্থাপন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 9, 2021 6:45 am
index

সোমবাৰে সপ্তম শিৱসাগৰ গ্রন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱৰ লাই খুঁটা স্থাপন কৰা হয়।

স্থানীয় ব’ৰ্ডিং খেলপথাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লাই খুঁটা স্থাপন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই।

লাই খুঁটা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ প্ৰকাশ কটকী, সম্পাদক সমীৰণ ফুকন, খোজৰ সভাপতি ৰোহিনী গগৈ, সম্পাদক জয়জ্যোতি গগৈ আদিকে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি।

উল্লেখযোগ্য যে, ২০১৪ চনৰ পৰা খোজ ৰ উদ্যোগত, শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ গ্রন্থ উৎসৱ অনুষ্ঠিত হৈ আহিছে।

এইবাৰ অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ সপ্তম শিৱসাগৰ গ্রন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱ অনুষ্ঠিত হ’ব।