NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰত ভয়াৱহ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৮ ব্যক্তি, ১২ গৰাকী গুৰুতৰভাৱে আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2022 12:06 pm
Accident in Lakhimpur

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা যাত্ৰা কৰা এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৮ গৰাকী লোকে থিতাতে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ১২ গৰাকী লোক।

খেৰীৰ শাৰদা নদীৰ ওপৰত থকা এখন দলঙৰ ওপৰত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে।

ধৌৰহাৰাৰ পৰা লখিমপুৰ অভিমুখী বাছখনে প্ৰায় ৫০ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল। পুৱা প্ৰায় ৭:৩০ বজাত দলংখনৰ ওপৰতে বাছ আৰু ট্ৰাকখনে মুখামুখিকৈ খুন্দা মাৰে।

এই তীব্ৰ খুন্দাত বাছখনৰ ভিতৰতে আঠগৰাকী লোকৰ লগে লগে মৃত্যু হয়। আনহাতে আহতসকলক তাৎক্ষণিকভাৱে কাষৰ স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

আহতসকলৰ ভিতৰত ১২ গৰাকী ব্যক্তিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান এইসকলক লখিমপুৰ জিলা চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

দুৰ্ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত সকলৰ প্ৰতি দুখ প্ৰকাশ কৰি স্থানীয় প্ৰশাসনক জৰুৰীকালীনভাৱে ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।