NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰাখণ্ডত ২৩ জন যাত্ৰীসহ খাৱৈত পৰিল বাহন; ৮ জন লোকৰ মৃত্যুৰ আশংকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2024 2:55 pm

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি শনিবাৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত ২৩ জন যাত্ৰীসহ এখন ট্ৰেভেলাৰ গভীৰ খাৱৈত পৰে৷দুৰ্ঘটনাটোৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে ৭ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।তদুপৰি আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে।

ঋষিকেশ-বদ্ৰীনাথ ঘাইপথৰ আলাকানন্দ নদীৰ সমীপত সংঘটিত হৈছে এই ঘটনা।দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে জিলা দণ্ডাধীশক ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

ধামীয়ে নিজৰ অফিচিয়েল হেণ্ডেলত লিখিছে, “মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিদায়ীসকলৰ আত্মাক তেওঁৰ চৰণত স্থান প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালকেইটিক এই অপৰিসীম যন্ত্ৰণা সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰক। আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে বাবা কেদাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।” .

স্থানীয় প্ৰশাসন আৰু এছ ডি আৰ এফৰ দলসমূহ সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।যাত্ৰীসকল দিল্লী/গাজিয়াবাদৰ পৰা চোপটা টুংগনাটলৈ গৈ আছিল।