NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত ভয়াৱহ দুৰ্ঘটনা: দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন, মহিলাসহ আঠগৰাকী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2022 9:02 pm
Taxi Falls Into Gorge In Jammu-Kashmir

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত আজি সন্ধিয়া সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। এখন যাত্ৰীবাহী টাটা চুম’ যাত্ৰাৰ সময়ত পথৰ কাষত থকা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত চাৰিগৰাকী মহিলাসহ আঠগৰাকী লোক নিহত হয়।

কিষ্টৱাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে দুৰ্ঘটনাগ্ৰস্ত টাটা চুম’খন মাৰৱাহ এলেকাৰ আলিয়াচাৰৰ পৰা টাটাপানী অভিমুখে যাত্ৰা কৰাৰ সময়ত প্ৰায় ৮০০ ফুট দ খাৱৈটোত বাগৰি পৰে।

দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত মাৰৱাহ আৰক্ষীয়ে স্থানীয় লোকসকলৰ সৈতে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে চাৰিগৰাকী মহিলা আৰু চাৰিগৰাকী পুৰুষসহ আঠগৰাকী লোক ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

 

ইতিমধ্যে উদ্ধাৰ অভিযানকাৰী দলে দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য আইনী আনুষ্ঠানিকতাৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে নিহত আঠগৰাকীৰে সাতগৰাকীক চিনাক্ত কৰা হৈছে। আনহাতে আনগৰাকী অজ্ঞাত ব্যক্তিৰ পৰিচয় উদ্ধাৰৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই আছে বুলি জানিব পৰা গৈছে।