NORTHEAST NOW (Assamese)
Popular Stories

২৪ ঘণ্টাৰ ভিতৰত ৮০ গৰাকী আৰক্ষী কৰ্মী ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2020 2:52 pm

যোৱা ২৪ ঘণ্টাৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৮০ গৰাকী আৰক্ষী কৰ্মী ক’ৰ’নাত সংক্ৰমিত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাত সংক্ৰমিত আৰক্ষীৰ সংখ্যা ১৮৮৯ গৰাকীলৈ বৃদ্ধি পালে।

দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰ’না আক্ৰান্ত ৰাজ্য মহাৰাষ্ট্ৰত এই পৰ্যন্ত ২০ গৰাকী আৰক্ষী কৰ্মীৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াও।

ক’ৰ’নাত আক্ৰান্ত ১৮৮৯ গৰাকী আৰক্ষী কৰ্মীৰ ভিতৰত ২০৭ গৰাকী হৈছে বিষয়া। এতিয়ালৈকে ৮৩৮ গৰাকী আৰক্ষী কৰ্মী সম্পূৰ্ণৰূপে ক’ৰ’না মুক্ত হৈছে।

জানিব পৰা অনুসৰি বৰ্তমান ১৩৯ গৰাকী বিষয়া আৰু ৮৯২ গৰাকী আৰক্ষী কৰ্মীয়ে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ক’ৰ’নাৰ চিকিৎসা গ্ৰহণ কৰি আছে।

ইফালে ৰাজ্য চৰকাৰে ছুবেৰ হাস্পতালত ক’ৰ’না আক্ৰান্ত আৰক্ষী কৰ্মীসকলৰ বাবে সুকীয়া ৱাৰ্ডৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা আৰক্ষী কৰ্মীৰ পৰিয়ালক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আৰু পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।