NORTHEAST NOW (Assamese)
অসম

বাক্সাত ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ; আৰক্ষী থানাত এজাহাৰ দাখিল

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 11, 2020 7:08 pm
Yakub Akka

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত বাল্টিপাৰ গাঁৱৰ পৰা এগৰাকী ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিৰুদ্দিষ্ট লোকজন হৈছে বাল্টিপাৰ গাঁও  নিবাসী য়াকুব এক্কা। ১০ ফেব্ৰুৱাৰি সোমাবাৰে য়াকুব নামৰ বৃদ্ধজনে ৰাতিপুৱা ১০.৩০ মান বজাত নিজৰ ঘৰৰ পৰা  বাহিৰলৈ বুলি ওলাই আহে যদিও নিশালৈকে ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

বিভিন্ন ঠাইত লোকজনক বিচাৰ-খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো সম্ভেদ উলিয়াব নোৱাৰাত আজি লোকজনৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

নিৰুদ্দেশ হোৱাৰ সময়ত লোকজনে কলা ৰঙৰ জেকেট আৰু মূৰত টুপী পৰিধান কৰি আছিল।

কোনো লোকে নিৰুদ্দেশ হোৱা য়াকুব এক্কাৰ সম্ভেদ পালে ৬০০৩৩২৬৮৪৫  নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।