NORTHEAST NOW (Assamese)

সঙ্ঘৰ অধিৱেশনলৈ দিব জিতেন গগৈৰ নেতৃত্বৰ বোকাখাত নিৰ্মাণ গোটৰ ৩৫০ বিঘাৰ পাচলি

February 2, 2018 11:29 pm · উত্তম শইকীয়া
জিতেন গগৈ: ফাইল ফটো

প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বৰ বোকাখাত নিৰ্মাণ গোটে চহলা চপৰিত কৰা ৩৫০ বিঘা মাটিত কৰা পাচলিৰ খেতি আজি চপোৱাৰ দিন। এই সমুদায় পাচলি বোকাখাত নিৰ্মাণ গোটে আগ বঢ়াব আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ দেৰগাওঁ অধিৱেশনৰ বাবে। এই কথা জনাইছে বোকাখাত নিৰ্মাণ গোটৰ এটা সূত্ৰই।

উল্লেখযোগ্য যে অহা ৭ ফেব্ৰুৱাৰিৰ পৰা দেৰগাৱঁত শ্ৰীমন্ত শংকৰদেৱস সঙ্ঘৰ ৰাজ্যিক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। অধিৱেশনত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই ভোজন গ্ৰহণ কৰে।

আজি খেতি চপোৱাৰ উদ্দেশ্যে বোকাখাত মহকুমাৰ চহলা চাপৰি পুৱাৰে পৰা ৰাইজৰ উৎসাহজনক সহযোগত মুখৰিত হৈ পৰে। বোকাখাত নিৰ্মাণ গোটটোৰ দ্বাৰা চাপৰিটোত গুটি আলুৰ লগতে অন্যান্য শাক-পাচলিৰ খেতিও কৰা হৈছিল। এই বৃহৎ পৰিমাণৰ আলু আৰু পাচলিৰ উৎপাদনৰ সমুদায় শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৮৭ সংখ্যক দেৰগাওঁ বাৰ্ষিক অধিবেশনৰ বাবে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷

নদন-বদন কৈ পূৰঠ হোৱা এই পাচলি আৰু আলু খন্দাৰ কামত হাত উজান দিছে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ আই-বাপ আৰু সেৱা দলৰ কৰ্মকৰ্তাসকল। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই আলু আৰু পাচলিয়ে সঙ্ঘৰ অধিৱেশনৰ চাহিদা ভালেখিনি পূৰণ কৰিব বুলি আশা কৰিছে বোকাখাত নিৰ্মাণ গোটে ৷

সূত্ৰটোৱে জনোৱা মতে বোকাখাতৰ স্থানীয় ৰাইজ আৰু সঙ্ঘৰ লোকে বোকাখাত নিমাৰ্ণ গোটৰ সভাপতি জিতেন গগৈৰ এনে মহানতাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে বোকাখাত নিৰ্মাণ গোটকো ধন্যবাদ জনাইছে।

Related News