NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ সংহাৰ; চাকৰি হেৰুওৱাৰ চিন্তাত ভুগিছে দেশৰ ৮৬ শতাংশ লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 7:24 am

ক’ৰ’না ভাইৰাছৰ সংহাৰ চাকৰিৰ ক্ষেত্ৰতো পৰা পৰিলক্ষিত হৈছে। এই ভাইৰাছবিধৰ ফলত দেশৰ ৮৬ শতাংশ লোকে চাকৰি হেৰুওৱাৰ চিন্তাত ভুগিছে বুলি এটা সমীক্ষাত প্ৰকাশ।

এই সমীক্ষাটোতে প্ৰকাশ পোৱা আন এটা তথ্য অনুসৰি ৮৪ শতাংশ লোকে কয় যে ক’ৰ’না ভাইৰাছৰ প্ৰকোপ ভাৰতত এতিয়াহে আৰম্ভ হৈছে।

বৃটিশ্ব ৰিচাৰ্ছ কম্পেনি ক্ৰাৰ্ছবি টেক্সৰ গ্ৰুপে ২৩ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ চলোৱা সমীক্ষা মতে আহি থকা দিন কেইটা অত্যন্ত ভয়াৱহ হ‍’ব।

সমীক্ষা মতে বৃটেইনৰ ৩১, অষ্ট্ৰেলিয়াৰ ৩৩, আমেৰিকাৰ ৪১ শতাংশ লোকে চাকৰি হেৰুওৱাৰ শংকাত আছে। ক’ৰ’নাই ভাৰতৰ পিছতে হংকঙত সৰ্বাধিক ৭১ শতাংশ লোকৰ চাকৰি কাঢ়ি নিব বুলি চিন্তিত হৈ আছে।

ইফালে সমীক্ষাটোত অংশ লোৱা ভাৰতীয় লোকসকলে ভাৰতৰ অৱস্থা কম দিনৰ ভিতৰতে স্বাভাৱিক হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে ক’ৰ’নাৰ কাৰণে সৰ্বাধিক আইটি, নিৰ্মাণ খণ্ড আৰু মিডিয়া খণ্ডত কাম কৰা লোকে চাকৰি হেৰুওৱাৰ শংকাত ভোগা বুলি সমীক্ষাটোত প্ৰকাশ পাইছে।