NORTHEAST NOW (Assamese)
দেশ

নাগপুৰত সৌৰ শক্তি প্ৰকল্পত ভয়ানক বিস্ফোৰণ: ৯ জন শ্ৰমিকৰ মৃত্যু, আহত কেইবাজনো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2023 1:37 pm
blast at Nagpur factory

মহাৰাষ্ট্ৰৰ নাগপুৰত আজি পুৱাৰ ভাগত এক সৌৰ শক্তি প্ৰকল্পত সংঘটিত হৈছে ভয়াৱহ বিস্ফোৰণ। নাগপুৰৰ বজাৰগাঁও অঞ্চলত অৱস্থিত ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া লিমিটেডত সংঘটিত হয় এই বিস্ফোৰণ।

পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত এই বিস্ফোৰণত ৯ জন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আহত হয়। বিস্ফোৰণৰ সময়ত প্ৰকল্পটোৰ ভিতৰত মুঠ ১২ জন শ্ৰমিক উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

প্ৰকল্পটোৰ এটা কাষ্ট বুষ্টাৰ প্লাণ্টত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

নাগপুৰ (গ্ৰাম্য)ৰ আৰক্ষী অধীক্ষক হৰ্ষ পোদ্দাৰে ঘটনা সন্দৰ্ভত সদৰী কৰা মতে, প্ৰকল্পটোৰ কাষ্ট বুষ্টাৰ প্লাণ্টত পেকিং কৰাৰ সময়ত এই বিস্ফোৰণ সংঘটিত হৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত কেইবাগৰাকী শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিস্ফোৰণ হোৱা এই কোম্পানীটোৱে দেশৰ প্ৰতিৰক্ষা বিভাগৰ বাবে বিস্ফোৰক আৰু অন্যান্য প্ৰতিৰক্ষা সঁজুলিৰ যোগানৰ কাম কৰে।