NORTHEAST NOW (Assamese)

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত মঙলদৈত আৰু ৯ জন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

March 26, 2019 6:59 pm · ময়ূখ গোস্বামী
Updated: March 26, 2019 7:01 pm
মঙলদৈ লোকসভা সমষ্টিৰ ভূচিত্ৰাবলী। উৎস-ইণ্টাৰনেট

দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত সোমবাৰে ৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে মঙলদৈ লোকসভা সমষ্টিত। সোমবাৰে মনোনয়ন দাখিল কৰা ৯ জন প্ৰাৰ্থীক ধৰি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে, মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকল হৈছে- জয়ন্ত কুমাৰ কলিতা(নিৰ্দলীয়), মনিৰাম বসুমতাৰী(হিন্দুস্তান নিৰ্মান দল), গন্ধেশ্বৰ মুছাহাৰী(আন্তঃৰাষ্ট্ৰীয় ভোটাৰ পাৰ্টি), ভূপেন চন্দ্ৰ দাস(পূৰ্বাঞ্চল জনতা পাৰ্টি-চেকুলাৰ), আইনুল হক(অসম জন মৰ্চা), স্বৰ্ণলতা চলিহা(এচ য়ু চি আই-কমিউনিষ্ট), কাজি নাকিব আহমেদ(নিৰ্দলীয়), শুধেন্দু মোহন ঠাকুৰ(অল ইণ্ডিয়া ত্ৰিণামূল কংগ্ৰেছ)আৰু ৰাতুল আহমেদ (ৰিপাব্লিক পাৰ্টি অব ইণ্ডিয়া-এ)।

আনহাতে, মঙলদৈ লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকলৰ ভিতৰত এজন মহিলা প্ৰাৰ্থী আছে। মঙলবাৰে মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ’য়। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৯ মাৰ্চ।

মঙলদৈ সমষ্টিত বিজেপিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। ১৮ এপ্ৰিলত সমষ্টিটোত নিৰ্বাচনত অনুষ্ঠিত হ’ব।

Related News