NORTHEAST NOW (Assamese)

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন : দীঘলীপুখুৰীৰ পাৰত আছুৰ ‘উদ্দীপনা’ অনুষ্ঠান

September 8, 2018 7:57 am · এন ই নাও নিউজ

অসমৰ জাতীয় জীৱনৰ চিৰবৰেণ্য ব্যক্তি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯২সংখ্যক ওপজা দিনত সমগ্ৰ ৰাজ্যবাসীয়ে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।একেদৰে প্ৰতিবছৰৰ দৰে এইবছৰো সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিস্থলীত আয়োজন কৰিছে ‘উদ্দীপনা’ অনুষ্ঠানৰ।

কাৰ্যসূচী অনুসৰি আজি পুৱা ১০ বজাত দীঘলীপুখুৰীপাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই। আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ‘উদ্দীপনা’ অনুষ্ঠানলৈ ৰাইজক আমন্ত্ৰণ জনাইছে।

সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া ‘উদ্দীপনা’ অনুষ্ঠানত শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে একোটা গীতেৰে চিৰবৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাব।

সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা এই উদ্দীপনা অনুষ্ঠানত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ একোখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আৰু গুৱাহাটী মহানগৰীৰ নিৰ্বাচিত মহাবিদ্যালয়ৰ এই বছৰৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে একোটা ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাব।

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষীৰাম বৰুৱা সদনত আজি সন্ধিয়া ৬ বজাত বিশ্বৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে।

Related News