NORTHEAST NOW (Assamese)
Popular Stories

নৱম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন; বক্তৃতা প্ৰদান প্ৰসিদ্ধ গল্পকাৰ তথা চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2024 7:17 pm

‘‘অজিৎ বৰুৱা বুলিলেই তেওঁক স্বচক্ষে নেদেখা অসমীয়া সাহিত্যানুৰাগীজনৰ অন্তদৃৰ্ষ্টিতো যিখন ছবি সুপ্ৰকট হৈ উঠে সি হৈছে কাব্য-প্ৰসিদ্ধিৰে প্ৰোজ্জ্বল এজন বিস্ময়কৰভাৱে ব্যতিক্ৰম, প্ৰজ্ঞা আৰু প্ৰতিভাৰে সমুজ্জ্বল কবি-শিৰোমণিৰ ব্যক্তিত্ব৷ এলিয়টৰ কাব্যকৃতিক আত্মস্থ কৰি অজিৎ বৰুৱাই নতুন অসমীয়া কাব্য-আন্দোলনত নিজৰ সৃষ্টিক এক বিৰল ৰূপ দিবলৈ সমৰ্থ হৈছিল৷’’ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ পৱিত্ৰ স্মৃতিত ১৭ আগষ্টত গুৱাহাটী মহাবিদ্যালয়ত আয়োজিত নৱম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় প্ৰসিদ্ধ গল্পকাৰ, চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই৷

‘এখন প্ৰেমৰ উপন্যাস : এটি অনুপস্থিত প্ৰেম কাহিনী’ শীৰ্ষক ভাষণ প্ৰদান কৰি অধ্যাপক শৰ্মাই কয়— ‘‘অজিৎ বৰুৱা এজন শ্ৰুতকীৰ্তি মহামান্য আধুনিক অসমীয়া কবি৷ ৰোমাণ্টিক সাহিত্য-ঐতিহ্য, ৰোমাণ্টিক মানসিকতা আৰু বিভিন্ন সামাজিক-ৰাজনৈতিক আদৰ্শবাদিতাৰপৰা মুক্ত এক আধুনিক সাহিত্য-চিন্তা আৰু আধুনিক ভাষাৰ বৰুৱা এজন স্পষ্টবাদী সমৰ্থক৷

স্বৰাজোত্তৰ অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যিক ঐতিহ্যৰপৰা সফলতাৰে আহৃত আধুনিকতাৰ প্ৰভাৱ কাহিনী-সাহিত্যৰ ক্ষেত্ৰত আহিছিল সৌৰভ কুমাৰ চলিহাৰ প্ৰায় অপৰিচিত ধৰণৰ চমকপ্ৰদ কাহিনী-কথনৰ মাজেদি আৰু কবিতাৰ ক্ষেত্ৰত উপলব্ধ হৈছিল অজিৎ বৰুৱাৰ বিস্ময়কৰ কাব্য-কুশলতাৰে নিৰ্মিত এক নতুন ধৰণৰ অসমীয়া কবিতাৰ মাজত৷’’ আজিৰ বক্তৃতা সভাৰ কেন্দ্ৰীয় ভাষণ প্ৰসংগত অজিৎ বৰুৱাৰ এখন প্ৰেমৰ উপন্যাস সন্দৰ্ভত বিস্তৃত চিত্তাকৰ্ষক আলোচনা আগবঢ়ায় বক্তা অপূৰ্ব শৰ্মাই৷

তেওঁ এই আত্মজৈৱনিক উপন্যাসখনক এখন সম্পূৰ্ণ পৰীক্ষামূলক উপন্যাস আৰু অসমীয়া সাহিত্যত ভবিষ্যতে কেতিয়াবালৈ পাশ্চাত্যৰ আৰ্হিত নতুন বিষয়-বৈচিত্ৰ্যৰে তথা নতুন ৰচনাশৈলীৰে এক ন উপন্যাস প্ৰৱাহৰ সৃষ্টি হ’লে এই সাহিত্য-কৰ্মটিয়ে আৰম্ভণি আৰু আদৰ্শৰূপে গুৰুত্বপূৰ্ণ স্থান পাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷

 ‘গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোট’ আৰু ‘অংশুমান নাথ স্মাৰক ফাউণ্ডেচন’ৰ সহযোগত ‘অজিৎ বৰুৱা অনুৰাগী সমাজ’-এ আয়োজন কৰা নৱম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত কবি, গল্পকাৰ, সমালোচক ৰবীন্দ্ৰ বৰাদেৱলৈ শ্ৰদ্ধাঞ্জলিৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়৷ ইয়াৰ পাছতে অজিৎ বৰুৱাৰ এটি গীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ তিনিটা বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা,  ইংৰাজী বিভাগৰ ছাত্ৰী তনুশ্ৰী দেৱীয়ে৷

আদৰণী ভাষণ প্ৰদান কৰে গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ হৈ গোটৰ সভাপতি ডঃ ৰীতা মহন্তই আৰু অজিৎ বৰুৱা অনুৰাগী সমাজৰ হৈ সমাজৰ উপ-সভাপতি, কবি, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ৰাজীৱ বৰুৱাই৷

ইয়াৰ পাছতে অজিৎ বৰুৱাৰ এমুঠি কবিতা আবৃত্তি কৰে বিশিষ্ট অভিনেত্ৰী, আবৃত্তিকাৰ মেল’ডী পাটগিৰি আৰু আবৃত্তিকাৰ, গায়িকা কাকলি বৰাই৷ আবৃত্তিৰ পাছতে ‘অজিৎ বৰুৱা  : এটি চমু টোকা’  শীৰ্ষক এটি চমু মনোজ্ঞ ভাষণ প্ৰদান কৰে গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিব্য ৰঞ্জন খাটনিয়াৰে৷ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহঃ অধ্যাপক ডঃ ধৰণী লাহনে আঁত ধৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক তথা ইংৰাজী বিভাগৰ সহঃ অধ্যাপক কৌশিক হাজৰিকাই৷