NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱস কাপ ফুটবল : নৱম অসম আৰক্ষী বাহিনীৰ অগ্ৰগতি

Posted by: এন ই নাও নিউজ October 2, 2018 6:28 am
Independence Cup.Photo

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭০ সংখ্যক সৰ্বভাৰতীয় স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীয়ে অগ্ৰগতি লাভ কৰিছে।

এই প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত খেলখনত নৱম আৰক্ষী বাহিনীয়ে মৰাণ টাউন ক্লাৱক ২-০ গ’লত পৰাজিত কৰে। বিৰতিলৈকে গ’ল শূন্যভাবে পাৰ হোৱা খেলখনৰ ৫৭ মিনিটত নৱম অসম আৰক্ষী বাহিনীৰ হৈ বিপুল বড়োয়ে প্ৰথমটো গ’ল দিয়ে।

ইয়াৰ কিছু সময়ৰ পিছতে খেলৰ ৬৩ মিনিটত আৰক্ষী বাহিনীৰ দ্বিজৰাজ বড়োয়ে আন এটা গ’ল দি নিজ দলৰ ২-০ গ’লত বিজয় নিশ্চিত কৰে। খেলখন পৰিচালনা কৰাত ৰেফাৰী শ্বাহজাহান আলী চৌধুৰীক সহায় কৰে পবিত্র বৰা, শোণিত কুমাৰ বৰা আৰু ঘনশ্যাম দাসে (চতুৰ্থ)।

স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰৰ খেলত ডিফুৰ মৰ্নিং ষ্টাৰ ফুটবল ক্লাবে নাগালেণ্ডৰ হেড হান্টাৰ ফুটবল ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।