NORTHEAST NOW (Assamese)
Popular Stories

‘তাই আমাক উৎসাহিত কৰিছে’; প্ৰধানমন্ত্ৰীয়ে এদিনৰ বাবে আগবঢ়াইছে নিজৰ চ’ছিয়েল মিডিয়াৰ একাউন্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 2:29 pm
SheInspiresUs1-750x375

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰপ্ৰাইজ দিয়াত অতিশয় পাকৈত।

প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ নিজৰ চ’ছিয়েল মিডিয়াৰ একাউন্ট এদিনৰ বাবে এগৰাকী মহিলালৈ আগবঢ়াই জনতাক বিস্মিত কৰি তুলিছে।

‘তাই আমাক উৎসাহিত কৰিছে।’ এইবুলি কৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ চ’ছিয়েল মিডিয়াৰ একাউন্ট এগৰাকী মহিলালৈ আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ মঙ্গলবাৰে আবেলি নিজৰ টুইটাৰ একাউন্টত টুইট কৰি এই ঘোষণা কৰিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চ’ছিয়েল মিডিয়াত অতিশয় সক্ৰিয়। চ’ছিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীৰ অসংখ্য অনুৰাগী আছে।

৪৪ মিলিয়ন লোকে মোদী ফেচবুক পেজ লাইক কৰা বিপৰীতে তেওঁৰ ফেচবুক গ্ৰুপৰ সদস্যৰ সংখ্যা হ’ল ৯২৮ হাজাৰ।

টুইটাৰত তেওঁক ফ’ল’ কৰে ৫৩.৩ মিলিয়ম লোকে। আনহাতে ইনষ্টগ্ৰামত ৩৫.২ মিলিয়ন অনুৰাগী থকাৰ বিপৰীতে তেওঁৰ ইউ টিউব চেনেলৰ চাবক্ৰাইবাৰ আছে ৪.৫১ মিলিয়ন।