NORTHEAST NOW (Assamese)
অসম

AIIMSৰ সমান দৰমহা পাব, প্ৰাইভেট প্ৰেক্তিচ কৰিব নোৱাৰিব GMCHৰ চিকিৎসকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 7:29 pm
GMCH assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধ্যাপক, চিকিৎসকসকলে এইমছৰ সমহাৰত দৰমহা পাব, কিন্তু তেওঁলোকে প্ৰাইভেট প্ৰেক্তিচ কৰিব নোৱাৰিব।

অসম বিধান সভাৰ চলিত বাজেট অধিৱেশনত মঙলবাৰে এই কথা ঘোষণা কৰিছে স্বাস্থ্য, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী শৰ্মাই কোৱা মতে এপ্ৰিল মাহৰ পৰা কাৰ্য্যকৰী হ’ব লগা এই নিয়ম অনুসৰি জি এম চি এইচৰ চিকিৎসকসকলে ব্যক্তিগত নাৰ্ছিংহোম বা চিকিৎসালয়েই নহয় ঘৰতো চিকিৎসা চলাব কৰিব নোৱাৰিব।

প্ৰথমতে জি এম চি এইচত আৰম্ভ হ’ব লগা এই নিয়ম পৰৱৰ্তী সময়ত পৰ্য্যায়ক্ৰমে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলতো প্ৰৱৰ্তন কৰা হ’ব।

শৰ্মাই সদৰী কৰা মতে জি এম চি এইচত এইমছৰ সমহাৰত দৰমহা দিয়াৰ বাবে অসম চৰকাৰৰ বছৰি ২০  কোটি টকা অতিৰিক্তভাৱে খৰছ হ’ব।

বাকী চিকিৎসা মহাবিদ্যালয়কেইখনত একে নিয়ম কাৰ্য্যকৰী কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি তেওঁ উল্লেখ কৰে।