NORTHEAST NOW (Assamese)
Popular Stories

শিৱ ৰাত্ৰিৰ দিনা নুমলীগড় শিৱমন্দিৰ প্ৰাংগণতে জন্ম দিলে কন্যা সন্তান : নাম থলে পাৰ্বতী 

Posted by: উত্তম শইকীয়া February 14, 2018 7:31 pm
woman gives birth to girl child

আজি মহা শিৱ ৰাত্ৰি। নিজৰ মনৰ বাসনা পূৰণৰ বাবে মহিলা সকলে মহাদেৱ শিৱৰ চৰণত সেৱা জনাবৰ বাবে ঢাপলি মেলিছে শিৱ মন্দিৰলৈ।

মহাদেৱক সন্তোষ্ট কৰাৰ বাবে ক’তজনে ক’ত ধৰণেৰে যে সেৱা আগবঢ়াইছে ৷

বোকাখাতৰ সমীপৰ নুমলীগড়ৰ ঐতিহাসিক বাবাথানো আজি লোকে লোকাৰণ্য ৷

বিভিন্ন জন ভক্তৰ মাজতে মহাদেৱৰ আশিস বিছাৰি আহিছিল কমাৰগাৱঁৰ এগৰাকী মহিলাও ৷

তেওঁ দিয়া পূজাত যেন সচাঁকৈয়ে সন্তোষ্ট হ’ল মহাদেৱ। কিয়নো আৰ্শীৰ্বাদ পোৱাৰ পাচতেই কমাৰগাৱঁৰ এই গৰাকী মহিলাই নুমলীগড় মন্দিৰ প্ৰাঙ্গনতেই জন্ম দিলে এটি কন্যা সন্তানৰ ৷

প্ৰসৱ বেদনাত চটফটাই থকা মহিলা গৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল দুই এগৰাকী মহিলাই ৷

আনহাতে কন্যা সন্তানৰ জন্মৰ পিছতেই প্ৰায় এঘন্টা সময় বিনাচিকিৎসাই মাটিতে সন্তান সহ পৰি থাকিব লগীয়া হৈছিল মহিলা গৰাকী।

অৱশ্যে পিছত ১০৮ আহি সন্তান সহ মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে।

জানিব পৰা মতে মহিলা গৰাকীৰ ঘৰ কমাৰগাঁৱৰ মহুৰামুখত।

বাবাথানত সমবেত ভক্ত আৰু মহিলা গৰাকীৰ পৰিয়ালে কন্যা সন্তান গৰাকীৰ নাম দিছে পাৰ্বতী।

বৰ্তমান মাক আৰু সন্তান দুয়ো চিকিৎসালয়ত ভৰ্তী হৈ আছে।