NORTHEAST NOW (Assamese)
Popular Stories

অহা এবছৰৰ ভিতৰত ১৪,৬০৮ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব স্মাৰ্টফোন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2020 12:47 pm
akrales_190913_3628_0277

নিৰ্বাচনৰ আগে আগে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা চৰকাৰে এক নতুন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ১৪,৬০৮ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিবলৈ ওলাইছে স্মাৰ্টফোন।

ৰাজ্যখনৰ মন্ত্ৰী পৰিষদে মঙলবাৰ অৰ্থাৎ ৩ মাৰ্চত অনুমোদন জনোৱা এই নতুন আঁচনিখন হৈছে ‘মুখ্য মন্ত্ৰী যুৱ যোগাযোগ যোজনা’।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে যুৱ প্ৰজন্মক স্মাৰ্টফোন প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেয়ে চৰকাৰ গঠন হোৱাৰ দ্বিতীয় বৰ্ষপুতি উপলক্ষে এই ঘোষণা কৰে।

উল্লেখ্য যে দুবছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনৰ ২ মাৰ্চত ত্ৰিপুৰাত চি পি আই এমৰ ২৫ বছৰীয়া ৰাজত্ব ওফৰাই বিজেপিয়ে চৰকাৰ গঠন কৰিছিল।

ত্ৰিপুৰাৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী ৰতনলাল নাথে কয়, ‘২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ ২২ খন চৰকাৰী স্নাতক মহাবিদ্যালয়সহ মুঠ ৩৮ খন শিক্ষানুষ্ঠানৰ ১৪,৬০৮ গৰাকী চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীয়ে ৫০০০ টকাকৈ লাভ কৰিব’।

এই আঁচনিত অন্তৰ্ভুক্ত আন শিক্ষানুষ্ঠান সমূহ হ’ল ত্ৰিপুৰা বিশ্ববিদ্যালয়, মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়, আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়, এন আই টি, টি আই টি, চৰকাৰী আইন মহাবিদ্যালয়, চৰকাৰী সংগীত মহাবিদ্যালয়, আৰ আই পি এছ এ টি আৰু শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়।

‘এই আঁচনিৰ বাবে এবছৰত চৰকাৰৰ খৰচ হ’ব ৭,৩০,৪০,০০০ টকা’, মন্ত্ৰীগৰাকীয়ে জনায়।

এই সুবিধা লাভৰ বাবে শিক্ষাৰ্থী সকলে অনলাইনযোগে আবেদন কৰিব লাগিব।

‘আবেদনসমূহ পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত বেংক একাউণ্টৰ জৰিয়তে ৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব’, মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ আৰু নিয়োগ সম্বন্ধীয় বা-বাতৰি লাভ কৰিব পাৰিব।