NORTHEAST NOW (Assamese)
Popular Stories

টিকটকে ৬ বছৰৰ পিছত পৰিয়ালৰ সৈতে পুনৰ্মিলন ঘটালে অন্ধ্ৰৰ এজন ব্যক্তিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2020 4:31 pm
TikTok_pic

টিকটকে পৰিয়ালৰ সৈতে পুনৰ্মিলন ঘটালে অন্ধ্ৰৰ এজন ব্যক্তিক।

অন্নাপুৰী পুল্লিয়াহ নামৰ এজন ব্যক্তিৰ পুত্ৰই চাৰি মাহৰ পূৰ্বে শ্বেয়াৰ কৰা এটা টিকটক ভিডিঅ’ৰ যোগে পৰিয়ালৰ সৈতে পুনৰ্মিলনৰ সম্ভৱ হৈ উঠিল।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণ’লৰ এই ব্যক্তিজনে ৬ বছৰ পূৰ্বে পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবে ঘৰৰ পৰা গুচি গৈছিল। তাৰ পিছৰ পৰাই লোকজন পৰিয়ালৰ সৈতে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল।

কিছুদিন পূৰ্বে অন্নাপুৰীয়ে টিকটকত পুত্ৰৰ ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত চ’ছিয়েল মিডিয়াৰ যোগে পুত্ৰৰ ফোন নম্বৰটো যোগাৰ কৰিবলৈ সক্ষম হয়।

অন্নাপুৰী বৰ্তমান গুজৰাটৰ এটা গান্ধী ধামৰ এটা কাপোৰৰ কাৰখানাত কৰ্মৰত। ফোন যোগে যোগাযোগ হোৱাৰ পিছত অন্নপুৰীৰ পুত্ৰ ভেনকাটাই উদয় শংকৰ নামৰ এজন লোকৰ সৈতে গুজৰাটলৈ গৈ পিতৃক সাক্ষাৎ কৰে।