NORTHEAST NOW (Assamese)
অসম

যোৰাহাটত নিৰীক্ষণত ৰখা হৈছে কৰ’না ভাইৰাছ আক্ৰান্ত মাৰ্কিন পৰ্যটকে ভ্ৰমণ কৰা জাহাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 9:22 am
Story-3-24-750x375

ভূটান কৰা স্বাস্থ্য পৰীক্ষাত শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা অসমৰ পৰা যোৱা মাৰ্কিন পৰ্যটক গৰাকীয়ে যোৰহাটৰ যিবোৰ ঠাইলৈ গৈছিল সকলোবোৰ ঠাই পৰ্যবেক্ষণত ৰখা হৈছে বুলি জনাই যোৰহাটৰ উপায়ুক্ত ৰস্নি এ কোৰাটিয়ে।

২২ গৰাকী যাত্ৰীৰ সৈতে যোৰহাটৰ নিমাতীঘাটলৈ উভতি অহা এম ভি মহাবাহু জাহাজখনৰ সকলো যাত্ৰীক পৃথকৈ ৰাখি স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।

অসম ভ্ৰমণলৈ অহা মাৰ্কিন পৰ্যটক হোৱাইটৰ শৰীৰত ভূটানত প্ৰৱেশ কৰাৰ সময়তে কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

মাৰ্কিন পৰ্যটক গৰাকীয়ে ২২ ফেব্ৰুৱাৰিত যোৰহাটৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ২৩ ফেব্ৰুৱাৰিত এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ জাহাজেৰে জলপথেৰে গুৱাহাটীলৈ গৈছিল।

মাৰ্কিন পৰ্যটক গৰাকীয়ে ২২ ফেব্ৰুৱাৰিত থকা থেঙাল মনৰ নামৰ হোটেল খনৰ কৰ্মচাৰী সকলৰো স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

‘‘আমি মাৰ্কিন পৰ্যটক গৰাকীয়ে যোৱা সকলো স্থান নিৰীক্ষণ কৰি আছো আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো। চিন্তিত হোৱাৰ কোনো কাৰণ নাই,’’ উপায়ুক্ত গৰাকীয়ে কয়।