NORTHEAST NOW (Assamese)
Popular Stories

সুৰাপানেৰে ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধ কৰিব পাৰি নে? কি কয় WHO এ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 9:19 pm
11ad27d3637009f14a037845859ba4d176

ইতিমধ্যে ভাৰতবৰ্ষত ৩১ জন মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে।

ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ বিভিন্ন বিধান সৰ্বত্ৰে চৰ্চা হোৱা দেখা গৈছে।

আনকি প্ৰচাৰ চলিছে যে সুৰাপানেৰে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰি।

কিন্তু এই প্ৰচাৰ কিমান সত্য?

WHO কি কৈছে এই সংক্ৰান্তত ?

চ’ছিয়েল মিডিয়াত বহুল প্ৰচাৰ লাভ কৰিছে যে সুৰাপানৰ দ্বাৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ লগতে ধ্বংসও কৰিব পাৰি।

কিন্তু WHOএ কৈছে যে সুৰাপানে মাৰাত্মক ক’ৰ’না ভাইৰাছ ধ্বংস কৰাতো বাদেই প্ৰতিৰোধো কৰিব নোৱাৰে। ই অপপ্ৰচাৰহে।

গতিকে এনে অপপ্ৰচাৰ তথা উৰা বাতৰিত ভুল নাযাবলৈ WHOএ আহ্বান জনাইছে।

WHOএ কৈছে যে চাবোনেৰে হাত ধুই পৰিষ্কাৰকৈ ৰাখিলে এই ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰি।

উল্লেখ্য যে এতিয়ালৈকে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় ১ লাখৰো অধিক মানুহ এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ৩০০০ হাজাৰো অধিক মানুহৰ মৃত্যু ঘটিছে।

সমগ্ৰ বিশ্বত আজি অৰ্থাৎ শনিবাৰলৈকে ১,০১,৪৯২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৪৮৫ জন লোকৰ মৃত্যু ঘটিছে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা।