NORTHEAST NOW (Assamese)
অসম

অভূতপূৰ্ব কেমেৰাৰ ফিচাৰসহ এই মাহতেই বজাৰলৈ আহিব Galaxy M21

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 7:44 pm
samsung-galaxy-a70 new

চলিত মাহত নতুন কিছু স্মাৰ্টফোন বজাৰলৈ অহাৰ কথা। অইন নহ’লেও অহা ১৬ মাৰ্চত ভাৰতৰ বিক্ৰী আৰম্ভ হ’ব Galaxy M ছিৰিজৰ নতুন মডেল Galaxy M21।

দক্ষিণ কোৰিয়াৰ মোবাইল প্ৰস্তুতকাৰী কোম্পানীটোৰ M ছিৰিজৰ মোবাইলসমূহে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰাহকৰ আকৰ্ষণো উৎসাহজনক।

গ্ৰাহকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ছেমছাঙে বহু লোভনীয় ফিচাৰৰ সৈতে নতুন মডেল মুকলি কৰিবলৈ আগবাঢ়িছে।

বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ পূৰ্বে এই নতুন মডেলটোতনো কি আছে এবাৰ চাই লোৱা যাওক।

নতুন প্ৰজন্মৰ পছন্দৰ কথা আগত ৰাখি কোম্পানীটোৱে M ছিৰিজৰ স্মাৰ্টফোনসমূহ বজাৰলৈ আনিছে। স্বাভাৱিকতে সেয়েহে কেমেৰাৰ ওপৰত দিয়া হৈছে বিশেষ নজৰ।

জানিব পৰা মতে, চেল্ফি লোৱাৰ বাবে এই মডেলটোত ২০ মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে। লগতে আছে তিনিটা ৰিয়ৰ কেমেৰা।

মূল কেমেৰাটো হৈছে ৪৮ এম পিৰ। ৬.৪ ইঞ্চিৰ এমোলেড ডিছপ্লে-ত ভিডিঅ’ চোৱা তথা ভিডিঅ’ গেম খেলাৰ মজা অৱশ্যেই বেলেগ হ’ব।

Galaxy M21ৰ দুইধৰণৰ ভেৰিয়েন্ট থাকিব। এটাত ৪ জিবি ৰেম আৰু ৬৪ জিবি ইন্টাৰনেল মেম’ৰি থকাৰ বিপৰীতে আনটোত থাকিব ৬ জিবি ৰেম আৰু ১২৮ জিবি ১২৮ জিবি ইন্টাৰনেল ষ্টোৰেজ।

অহা ১৬ মাৰ্চৰ পৰা ই-কমাৰ্ছ ছাইটৰ এমাজনত স্মাৰ্টফোনটোৰ অৰ্ডাৰ কৰিব পাৰিব। তদুপৰি নিৰ্দিষ্ট কিছুমান আউটলেটৰ পৰাও ফোনটো ক্ৰয় কৰিব পাৰিব।

যোৱা মাহত কোম্পানীটোৰ বজাৰলৈ অহা Galaxy M31মডেলটোৰ দাম ১৫,৯৯৯টকা আৰু Galaxy M21ৰ দামো ইয়াৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে।