NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ফাকু ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত সত্ৰ সমাজৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ March 10, 2020 6:53 am
Holi

চাৰিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত দেওবাৰৰ পৰা আৰম্ভ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ ফাকুৱা বা দৌল উৎসৱ।

হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি বিভিন্ন নামেৰে ভাৰতৰ বিভিন্ন ৰাজ্যত এই উৎসৱ পালন কৰা হয়।

মাজুলীত অনুষ্ঠিত দৌল উৎসৱত ভাগ ল’বৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটিছে।

মাজুলীৰ ঐতিহাসিক বেঙেনা আতি সত্ৰ, গড়মূৰ সত্ৰৰ লগতে গাঁও আৰু অন্যান্য সত্ৰ সমূহত এই উৎসৱ পালন কৰা হৈছে।

দেওবাৰে মেশ দাহ, সোমবাৰে অধিবাস আৰু বুধবাৰে ফাকু খেলিব বেঙেনা আতি সত্ৰৰ বৈষ্ণৱ সকলে। আনহাতে মাজুলীৰ অন্যান্য স্থানত মঙলবাৰে ফাকু খেলি গোবিন্দ মহাপ্ৰভুক প্ৰদক্ষিণ কৰাব।

দৌল উৎসৱত ভক্তসকলে ইজনে সিজনক ফাকুগুড়িৰ ৰং সানি ৰং-ধেমালি কৰে যদিও এইবাৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী ঐতিহাসিক বেঙেনা আতি সত্ৰত ফাকু গুৰি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকললৈও সত্ৰ সমাজৰ পৰা ফাকু গুৰি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।

এই দৌল উৎসৱত কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজা-অৰ্চনা, উচ্ছল প্ৰাণাৱেগ, সংযম আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে স্বকীয় বৈশিষ্ট্য সানি এই দৌল উৎসৱ পালন কৰি আহিছে ভক্তসকলে।

এই উৎসৱৰ জৰিয়তে সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী যেন প্ৰকট হৈ উঠে তাকে কামনা কৰিছে মাজুলীবাসীয়ে।