NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন আহ্বায়ক কমিটি আৰু নিৰ্বাচনী কমিটিৰ যুটীয়া সংবাদ মেল সম্বোধন

Posted by: দ্বীপজ্যোতি শর্মা Updated by: দ্বীপজ্যোতি শর্মা March 10, 2020 5:25 pm
index.jpg2

আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন আহ্বায়ক কমিটি আৰু নিৰ্বাচনী কমিটিয়ে এখন যুটীয়া সংবাদ মেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি নিৰ্বাচনী কমিটিৰ প্ৰিজাইডিং অফিচাৰ অজিত পাটোৱাৰীয়ে  গুৱাহাটী প্ৰেচ ক্লাৱৰ নিৰ্বাচন প্ৰস্তুতি সম্পৰ্ন হোৱা বুলি জনায় ৷

এই নিৰ্বাচনত ৮১৬ গৰাকী ভোটাৰে  ৩৬ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা ১০ টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিব৷

ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা বেলট বাকচ সংগ্ৰহ কৰা হৈছে বুলিও জনায় ৷

কাইলৈ আবেলি ৩ বজাত প্ৰাৰ্থী, পুলিং আৰু কাউন্টিং এজেন্টৰ সন্মূখত বেলট পেপাৰ, বেলট বাকচসমূহ পৰীক্ষা নিৰীক্ষা আৰু পুলিং চেন্টাৰটোও চীল কৰা হ’ব।

১২ মাৰ্চ পুৱা ৮ বজাত চেন্টাৰটো প্ৰাৰ্থী আৰু পুলিং এজেন্টসকলৰ উপস্থিতিত খোলা  হ’ব৷

গুৱাহাটী মহানগৰ আৰক্ষীয়ে  সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে৷

মাৰ্চ ৰ ১১ তাৰিখ আবেলিৰ পৰা ফলাফল ঘোষণা নকৰা পৰ্যন্ত নিৰাপত্তাৰক্ষী প্ৰদান কৰি সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব মহানগৰ আৰক্ষীয়ে ৷

তেওঁ লগতে কয়  যিসকল ন্যস্ত স্বাৰ্থৰ ব্যক্তিয়ে গুৱাহাটী প্ৰেছ ক্লাৱত সংবিধান তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভুলুণ্ঠিত কৰি নিৰ্বাচন অনুষ্ঠিত নকৰাকে এক কলা অধ্যায়ৰ সৃষ্টি কৰিছিলে তেখেত সকলে আদালতত এক আবেদনেৰে এই নিৰ্বাচনী প্ৰক্ৰিয়া স্থবিৰ কৰাৰ প্ৰয়াস কৰিছে ৷

আমাৰ ন্যায়পালিকাৰ ওচৰত বিশ্বাস আছে৷  আমি আশা ৰাখিছো ন্যায়পালিকাই এই ধৰণৰ কুচক্ৰান্ত সমূহক ওফৰাই দিব আৰু গণতন্ত্ৰৰ বিজয় সুনিশ্চিত কৰিব ৷

আহ্বায়ক সমিতিৰ সদস্য সুশান্ত তালুকদাৰে  ১৭ বছৰ ধৰি বন্ধ হৈ থকা এটা  প্ৰক্ৰিয়াক ইমান খৰতকীয়াকৈ এক সুস্থ পৰিবেশ গঢ়ি তুলি নিৰ্বাচনৰ প্ৰতিটো প্ৰস্তুতি সুচাৰু ৰূপে সম্পাদন কৰি তোলা বাবে নিৰ্বাচন কমিটিক ধন্যবাদ জনায়৷

তেওঁ আশ্বৰ্য প্ৰকাশ কৰি কয় প্ৰাক্তন সম্পাদকগৰাকীয়ে  আদালতৰ ওচৰ চাপিছে তাত ক’ব লগীয়া একো নাই৷ কিন্তু এটা কথা বোধগম্য হোৱা নাই তেখেতে সকলো কথাৰ শলাগ লৈ আকৌ কিয় নিৰ্বাচনৰ বন্ধ কৰাৰ বাবে আদালতৰ কাষ চাপিছে?

এক ন্যস্ত স্বাৰ্থই নিৰ্বাচনত হেঙাৰ সৃষ্টিৰ ৰ উদ্দেশ্যে আদালতৰ কাষ চাপিছে৷ মই ব্যক্তিগত ভাবে ভাবো  যে গণতন্ত্ৰৰ স্বাৰ্থত ন্যায়পালিকাই কেতিয়াও গণতন্ত্ৰ বিৰোধী বিচাৰৰ নিদিয়ে৷ আদালতত কৰা আবেদন খাৰিজ হোৱাৰ সম্ভাৱনাই অধিক এই মন্তব্য কৰে ৰিটাৰ্নিং বিষয়া বিজন মহাজনে৷

নিৰ্বাচন কমিটিৰ হৈ অজিত পাটোৱাৰীয়ে আশা প্ৰকাশ কৰে যে ১৭ বছৰীয়া ক’লা অধ্যয়ৰ সামৰণি পেলায় এই নিৰ্বাচন এক গণতান্ত্ৰিক উৎসৱলৈ পৰিৱৰ্তিত হ’ব ৷