NORTHEAST NOW (Assamese)
Popular Stories

১৫ বছৰত ৰাজনৈতিক দলবোৰৰ অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ ১১,২৩৪ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2020 8:57 am
Daily1_

আয়কৰ বিভাগ আৰু ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ ধন।

এই সংগ্ৰহৰ পৰিমাণ হৈছে ১১,২৩৪.১২ কোটি টকা।

এচ’ছিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্ম (ADR)ৰ মতে এই ধনৰাশি ৰাজনৈতিক দলবোৰে বিভিন্ন অজ্ঞাত উৎসৰ পৰা যোৱা ১৫ বছৰত সংগ্ৰহ কৰিছে।

আয়কৰ পৰিশোধ বিভাগ আৰু নিৰ্বাচন আয়োগৰ ওচৰত এই সংগৃহীত ধনৰ উৎসসমূহৰ কোনো তথ্যই নাই। বৰং সংস্থা দুটাই এই সম্পৰ্কত অজ্ঞতাহে প্ৰকাশ কৰিছে।

বৰাজনৈতিক দলবোৰে ব্যক্তিগত বা কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অতি কমেও ২০,০০০ টকাৰ ওপৰত চান্দা সংগ্ৰহ কৰিলে ৰছিদ দিয়াটো নিয়ম।কিন্তু দলবোৰে এই নিয়ম মানি চলা নাই।

এক সমীক্ষাৰ মতে এইধৰণৰ বিভিন্ন অজ্ঞাত উৎসৰ পৰা বিনা ৰছিদ পত্ৰৰে ৰাজনৈতিক দলবোৰে পুঁজি সংগ্ৰহৰ পৰিমাণটো হৈছে প্ৰায় ৬৭%। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহ যদিও ২০১৩ চনৰ পৰা তথ্য জনা অধিকাৰ আইনৰ আওতালৈ আহিছে তথাপিও এই দলবোৰে পুঁজি সংগ্ৰহৰ উৎসৰ বিশুদ্ধ তথ্য আয়োগ তথা আয়কৰ বিভাগৰ ওচৰত দাখিল নকৰে বুলিও অভিযোগ উঠিছে।

দেশৰ ৭ টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ক্ৰমে বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এন চি পি, বহুজন সমাজবাদী পাৰ্টি, চি পি এম আৰু চি পি আইৰ বিৰুদ্ধে এই অভিযোগ আহিছে।

অৱশ্যে বহুজন সমাজবাদী পাৰ্টিয়ে ঘোষণা কৰিছে সেই দলটোৱে ২০,০০০ টকাৰ ওপৰৰ স্বেচ্ছামূলক বৰঙণিৰ ৰছিদ পত্ৰ নিদিয়াকৈ গ্ৰহণ নকৰে।

ADRৰ মতে ২০০৪-০৫ আৰু ২০১৮-১৯  বিত্তীয় বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণটো হৈছে ১১,২৩৪.১২ কোটি টকা।

২০১৮-১৯ বৰ্ষত কেৱল বিজেপিয়ে অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ হৈছে ১,৬১২.০৪ কোটি টকা। অন্যান্য ৰাজনৈতিক দলবোৰৰ সংগ্ৰহৰ পৰিমাণ হ’ল ২,৫১২.৯৮ কোটি টকা। এটা বৰ্ষত বিজেপিৰ সংগ্ৰহৰ পৰিমাণটো হ’ল ৬৪%।

এই সময়ছোৱাত ২৯% শতাংশৰে কংগ্ৰেছে সংগ্ৰহ কৰিছে ৭২৮.৮৮ কোটি টকা।